ড্রাইভিং লাইচেঞ্চৰ পৰীক্ষাত ব্যাপক অনিয়মঃ যোৰহাটত অভিযন্তাসহ গ্রেপ্তাৰ চাৰি
নিয়মীয়া বাৰ্তা, ১ মেঃ বিহাৰ, উত্তৰ প্রদেশৰ এচাম যুৱকে অসমত আহি মেডিকেল–ইঞ্জিনীয়াৰিং আদিৰ এন্ট্ৰেন্সত বেলেগ প্রার্থীৰ হৈ পৰীক্ষা দিয়া ঘটনা ধৰা পৰিছে৷ কিন্তু এইবাৰ যোৰহাটত মেডিকেল–ইঞ্জিনীয়াৰিং পৰীক্ষা নহয়, ড্রাইভিং লাইচেঞ্চৰ পৰীক্ষা বেলেগৰ হৈ বেলেগে দি অহাৰ ঘটনা পোহৰলৈ আহিছে আৰু এনে কার্যত জডিত মানবেন্দ্র পাচনি, অভিজিত শর্মা, মাধুর্য গোস্বামী আৰু অমৰজ্যোতি বৰা নামৰ চাৰিজনক গ্রেপ্তাৰ কৰে৷
মানবেন্দ্র পাচনি নামৰ যোৰহাট অসয়বাৰীৰ এজন কেমিকেল ইঞ্জিনীয়াৰিং পাছ কৰা যুৱকে বেলেগৰ হৈ গাড়ী চলাই ইণ্টাৰভিউ দি লাইচেঞ্চ উলিয়াই দি আহিছিল৷ অভিজিত শর্মা, মাধুর্য গোস্বামী আৰু অমৰজ্যোতি বৰায়ো এই ধৰণৰ কাম কৰাৰ বিপৰীতে যোৰহাটৰ জিলা পৰিবহণ বিভাগৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এই চাৰিজন লোকক গ্রেপ্তাৰ কৰে৷ এনেদৰে আৰু বহু লোকক এইজন যুৱকে লাইচেঞ্চ উলিয়াই দিয়া বুলি সন্দেহ কৰিছে জিলা পৰিবহণ বিষয়াই৷