নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ স্বাস্থ্য তথা শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সমগ্র অসমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় তথা মহাবিদ্যালয়সমূহক বুধবাৰে কিছু নির্দেশনা দিয়াত ডিব্রুগডৰ অভিভাৱক তথা উক্ত শিক্ষানুষ্ঠানসমূহত কর্মৰত শিক্ষক সমাজে স্বস্তিৰ নিশ্বাস পেলোৱাৰ লগতে মন্ত্রীগৰাকীক কৃতজ্ঞতা প্রকাশ কৰিছে ৷ ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ সকলো ব্যক্তিগত খণ্ডৰ শিক্ষা প্রতিষ্ঠানসমূহে এপ্রিল মাহৰ মাচুল ৫০ শতাংশ ল’বলৈ কোৱাৰ লগতে যিসকলে ইতিমধ্যে সেই মাচুল সংগ্রহ কৰিছে, সেইসকলে আগন্তুক মাহত অতিৰিক্ত ৫০ শতাংশ মাচুল মিলাই ল’বলৈকো নির্দেশনা দিছে৷ লগতে সকলো শিক্ষকৰে দৰমহা কর্তন নকৰিবলৈকো নির্দেশনা জাৰি কৰাত আজি ডিব্রুগডৰ সমূহ ব্যক্তিগত খণ্ডৰ বিদ্যালয়–মহাবিদ্যাল্ শিক্ষক গোটে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ জানিব পৰা মতে, জিলাখনৰ অধিকাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়–মহাবিদ্যাল্ ইতিমধ্যে সেই মাচুল সংগ্রহ কৰিছে৷ এইক্ষেত্রত উজনিৰ অন্যতম শৈক্ষিক প্রতিষ্ঠান ছল্ট ব্রুক একাডেমীও পিছপৰি থকা নাই৷ ছল্ট ব্রুক একাডেমীয়ে ইতিমধ্যে অর্থাৎ কালিয়েই প্রথম পর্যায়ৰ সকলো মাচুল সংগ্রহ কৰাৰ কাম সমাপন কৰিছে৷ ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ এক একাউণ্টত বিশাল পৰিমাণৰ ধন ইতিমধ্যে জমা হৈছে৷ এনে ক্ষেত্রত আগতীয়াকৈ জমা কৰা ধন (মাচুল)ৰ ৫০ শতাংশ দ্বিতীয় পর্যায়ৰ মাচুল সংগ্রহৰ লগত মিলাই দি ছাত্র–ছাত্রীৰ লগতে অভিভাৱকসকলক সকাহ দিবলৈ সক্ষম হ’বনে, সেয়া সময়তহে পৰিলক্ষিত হ’ব ৷