নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব শর্মাৰ তৎপৰতাত গুজৰাটৰ পৰা আনিলে যুৱকৰ মৃতদেহ

নিয়মীয়া বার্তা, ২৪ এপ্রিলঃ গুজৰাটৰ আহমেদাবাদত মৃত্যু হোৱা অসমৰ এগৰাকী যুৱকৰ নশ্বৰ দেহ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিশেষ উদ্যোগত লকডাউনৰ মাজতে এম্বুলেঞ্চেৰে বৃহস্পতিবাৰে বৰপেটাৰোডৰ ঘৰলৈ অনা হয় ৷ ১৯ এপ্রিলত আহমেদাবাদত মৃত্যু হোৱা বৰপেটাৰোডৰ সমীপৰ বাক্সা জিলাৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ অন্তর্গত জাখলিপাৰৰ নাৰায়ণ বর্মনৰ পুত্র ৰাহুল বর্মন নামৰ যুৱকজনৰ মৃতদেহ বিয়লি পৰিয়ালৰ লোকক চমজাই দিয়া হয় ৷ প্রয়াত ৰাহুল আহমেদাবাদৰ এটাব্যক্তিগত কোম্পানীত কর্মৰত আছিল ৷ পূর্বে টেট শিক্ষক হিচাপে চাকৰি কৰা ৰাহুলে প্রায় এবছৰ পূর্বে শিক্ষকতাৰ চাকৰি বাদ দি তিনি মাহ পূর্বে ৰাওনা হৈছিল আহমেদাবাদলৈ ৷ আহমেদাবাদৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰি থকা ৰাহুল যোৱা ১৯ এপ্রিলত আহমেদাবাদৰ ভাৰাঘৰত যুৱকজনক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ৷

যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে গুজৰাট বিজেপিৰ সম্পাদক প্রদীপ সিং বাঘেলাই এই সন্দর্ভত টুইট কৰে ৷ ইয়াৰ পিছতে গুজৰাটৰ মুখ্যমন্ত্রী বিজয় ৰূপানীয়ে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্ত, স্বাস্থ্য, শিক্ষা তথা গডকাপ্ঢানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ টুইটাৰ যোগে যুৱকজনৰ মৃত্যুৰ কথা সদৰী কৰে ৷ পিছত অসম বিজেপিৰ যুৱ মর্চাৰ উপ–সভাপতি যুগান্ত দাস আৰু বৰপেটা যুৱ মর্চাৰ সম্পাদক প্রণৱজ্যোতি বর্মনে এই বিষয়ে সবিশেষ মন্ত্রী শর্মাক অৱগত কৰাত মন্ত্রীগৰাকীয়ে যুৱকজনৰ মৃতদেহ পৰিয়ালক চমজাই দিয়াৰ বাবে বিশেষ তৎপৰতা গ্রহণ কৰে ৷ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিশেষ তৎপৰতাত যোৱা ২০ এপ্রিলত আহমেদাবাদৰ পৰা যুৱকজনৰ মৃতদেহ অসমলৈ পঠিয়াই দিয়া হয় ৷ বৃহস্পতিবাৰে বিয়লি আহমেদাবাদৰ পৰা আহি জাখলিপাৰত উপস্থিত হয় যুৱকজনৰ মৃতদেহ লৈ অনা এম্বুলেঞ্চ ৷ ইয়াৰ মাজতে সুদূৰ গুজৰাটৰ পৰা যুৱকজনৰ মৃতদেহ আনি পৰিয়ালক চমজাই দিয়াৰ বাবে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই লোৱা তৎপৰতাৰ বাবে শোকাকুল পৰিয়ালবর্গৰ লগতে অঞ্চলটোৰ ৰাইজে মন্ত্রী শর্মাক ভূয়সী প্রশংসা কৰাৰ লগতে গুজৰাট চৰকাৰ, গুজৰাট বিজেপি তথা অসমৰ যুৱ মর্চাৰ নেতৃত্বৰ প্রতিও কৃতজ্ঞতা প্রকাশ কৰে ৷ নিশা পিছত যুৱকজনৰ মৃতদেহ সৎকাৰ কৰা হয় ৷

You might also like