ঢেকিয়াখোৱা নামঘৰক লৈ অপপ্ৰচাৰঃ আৰক্ষীৰ জালত ফেচবুক ব্যৱহাৰকাৰী
নিয়মীয়া বাৰ্তা, ২২ মাৰ্চঃ ঐতিহ্যমণ্ডিত তথা কোটি কোটি মানুহৰ আস্থা, বিশ্বাস আৰু ভক্তি জড়িত হৈ থকা প্ৰায় পাঁচশ বছৰীয়া পুৰণি ঢেকিয়াখোৱা বৰনামঘৰৰ বিৰুদ্ধে অতি নিলৰ্জ অপপ্ৰচাৰেৰে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা প্ৰহ্লাদ দাস নামৰ যুৱকজন অৱশেষত শিৱসাগৰ আৰু টীয়ক আৰক্ষীৰ জালত পৰিল ।
উল্লেখ্য যে শুকুৰবাৰে বিয়লিৰ ভাগত প্ৰহ্লাদ দাস নামৰ যুৱকজনে ঐতিহ্যমণ্ডিত ঢেকিয়াখোৱা বৰনামঘৰৰ শ শ বছৰ ধৰি জ্বলি থকা অক্ষয় বন্তিগছি নুমাই যোৱা বুলি অপপ্ৰচাৰ চলাইছিল । তাৰপাছত এই খবৰ সমগ্ৰ ৰাজ্যজুৰি বনজুইৰ দৰে বিয়পি পৰাত প্ৰতিজন ভক্তপ্ৰাণ লোককে মৰ্মাহত কৰি তুলিছে ।
অৱশ্যে পাছত বৰনামঘৰ সমিতিয়ে এই অক্ষয় বন্তিগছি অহৰহভাৱে জ্বলি থকা বুলি স্পষ্ট কৰি দি এই সন্দৰ্ভত এখন এজাহাৰ দিয়ে । এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে নিশা ভাটি বনগাঁৱৰ বাসগৃহৰ পৰা অভিযুক্ত দাসক আটক কৰে ।