নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকিয়াজুলিৰ ব্যক্তিগত বাছ আস্থানৰ পৰা ১০ কেজি গাঞ্জা জব্দ

# ঢেকিয়াজুলিৰ ব্যক্তিগত বাছ আস্থানৰ  নিয়মীয়া বাৰ্তা, ২৭মে’: শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে এজন গাঞ্জা সৰৱৰাহকাৰীক হাতেলোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ঢেকিয়াজুলি আৰক্ষী থানাৰ উপ পৰিদৰ্শক সুৰজিৎ মান্টাই সংবাদমাধ্যমত জনায় যে,বৃহস্পতিবাৰে পুৱা ১০ মান বজাত ঢেকিয়াজুলিৰ মাজমজিয়াত অৱস্থিত ব্যক্তিগত বাছ আস্থানৰ পৰা এটা ক’লা ৰঙৰ ডাঙৰ বেগত কঢ়িয়াই অনা ১০ কেজি ওজনৰ গাঞ্জা জব্দ কৰাৰ লগতে সুৰেন্দ্ৰ বড়ো নামৰ এজন গাঞ্জা সৰৱৰাহকাৰীক হাতেলোটে ধৰি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷আৰক্ষী বিষয়াগৰাকীয়ে লগতে জনায় যে গাঞ্জা সৰৱৰাহকাৰী সুৰেন্দ্ৰ বড়োৱে ওদালগুৰি জিলাৰ মাজবাটৰ পৰা তেজপুৰলৈ বুলি বৃহৎ পৰিমাণৰ গাঞ্জাখিনি সৰৱৰাহ কৰিবলৈ আনিছিল৷মাজবাটৰ পৰা আহি ঢেকিয়াজুলিৰ মাজমজিয়াত অৱস্থিত ব্যক্তিগত বাছ আস্থানত উপস্থিত হৈ তেজপুৰলৈ বুলি যোৱা বাছৰ বাবে অপেক্ষা কৰি বাছ আস্থানত ইফালৰ পৰা সিফালে ঘূৰি ফুৰোতেই আৰক্ষীয়ে সন্দেহ কৰি বৃহৎ পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয় বুলি জনায় আৰক্ষী বিষয়াগৰাকীয়ে ৷ইয়াৰোপৰি আৰক্ষী বিষয়াগৰাকীয়ে সংবাদমাধ্যমত জনায় যে মাজবাটৰ পৰা তেজপুৰৰ মিচন চাৰিআলিলৈ ১০ কেজি গাঞ্জা সৰবৰাহৰ বাবে গাঞ্জা সৰৱৰাহকাৰী চক্ৰই ধৃত সুৰেন্দ্ৰ বড়োক এহেজাৰ টকা দিছিল৷এহেজাৰ টকাৰ প্ৰলোভনতেই ধৃত লোকজনে গাঞ্জাখিনি সৰৱৰাহ কৰে বুলি আৰক্ষীক প্ৰকাশ কৰে বুলি জনায় বিষয়াগৰাকীয়ে ৷জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য ৫০ হাজাৰ টকা হ’ব বুলি জনায় আৰক্ষীয়ে ৷উল্লেখ্য যে ইয়াৰ আগতেও কেইদিনমান পূৰ্বে  ঢেকিয়াজুলিৰ চিৰাজুলিত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিছিল আৰক্ষীয়ে ৷

প্ৰেৰকঃ কল্পজ্যোতি নাথ,ঢেকিয়াজুলি ৷

You might also like