নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিত অনাময় আঁচনি ৰূপায়ণত লুণ্ঠন

বিভাগীয় বিষয়া–অভিযন্তাৰ অদূৰদর্শিতাৰ পৰিণতিত দুর্ভোগ হিতাধিকাৰীৰ

নিয়মীয়া বার্তা, ২১ ডিচেম্বৰঃ জনস্বাস্থ্য কাৰিকৰী বিভাগে অনাময় আঁচনি ৰূপায়ণৰ নামত কোটি কোটি টকা খৰচ কৰি আহিছে যদিও এই আঁচনিৰ লক্ষ্য–উদ্দেশ্য সফল হোৱা নাই ৷ শোণিতপুৰ জিলাত অনাময় আঁচনিৰ নামত কোটি কোটি টকাৰ শৰাধ হৈছে ৷ কিন্তু বিভিন্ন অঞ্চলৰ ৰাইজে অনাময় আঁচনিৰ সুবিধা পোৱা নাই ৷ বিভাগটোৰ বিষয়া–অভিযন্তাসকল অদূৰদর্শিতাৰ বাবে ঢেকীয়াজুলি ৰাজহ চক্র এলেকাৰ বহুকেইখন গাঁৱৰ ৰাইজে এতিয়ালৈকে অনাময় আঁচনিৰ শৌচালয় লাভ কৰা নাই ৷

গাঁও পঞ্চায়ত কার্যালয়ৰ প্রৱেশদ্বাৰৰ সন্মুখত ‘মুকলি স্থানত মল–মূত্র ত্যাগমুক্ত পঞ্চায়ত’ আদি শ্লোগান সন্নিৱিষ্ট বেনাৰ–হর্ডিং আঁৰি দিয়া হৈছে যদিও এইবোৰ বৃহৎ ফাঁকিহে ৷ ঊর্ধ্বতন কর্তৃপক্ষক ফাঁকি দিয়াৰ উদ্দেশ্যে বিভিন্ন গাঁও পঞ্চায়তৰ কার্যালয়ৰ সন্মুখত এনে বেনাৰ–হর্ডিং আঁৰি দিছে ৷ পিৰাকাটা গাঁও পঞ্চায়ত আৰু নতুন চিৰাজুলি গাঁও পঞ্চায়তৰ কার্যালয়ৰ সন্মুখত মল–মূত্র ত্যাগমুক্ত পঞ্চায়ত বুলি উল্লেখ থকা বেনাৰ–হর্ডিং আঁৰি দিছে যদিও এই দুয়োখন পঞ্চায়তৰ বিভিন্ন গাঁৱৰ ৰাইজে এতিয়াও অনাময় আঁচনিৰ শৌচালয় পোৱা নাই ৷ পিৰাকাটা গাঁও পঞ্চায়তৰ অন্তর্গত ধিৰাই মাজুলী গাঁৱৰ ৰাইজে এতিয়াও অনাময় আঁচনিৰ শৌচালয় লাভ কৰা নাই ৷

বিভাগীয় কর্তৃপক্ষৰ গাফিলতিৰ বাবেই গাঁওখনৰ সাধাৰণ ৰাইজ অনাময় আঁচনিৰ সুবিধা গ্রহণৰ পৰা বঞ্চিত হৈছে ৷ তদুপৰি পিৰাকাটা গাঁও পঞ্চায়তৰ পিৰাকাটা কচাৰী, পিৰাকাটা আদি গাঁৱৰ ৰাইজে অনাময় আঁচনিৰ শৌচালয় পোৱা নাই ৷ নতুন চিৰাজুলি গাঁও পঞ্চায়ত এলেকাৰ নামবগৰীবাৰী, শিঙৰী লাইনৰ লগতে চিৰাজুলি চাহ বাগিচাৰ শ্রমিক লাইনৰ বহুকেইটা পৰিয়ালে অনাময় আঁচনিৰ সুবিধা লাভ কৰা নাই ৷ নতুন চিৰাজুলি গাঁও পঞ্চায়তৰ যিকেইটা ৱার্ডত অনাময় আঁচনি ৰূপায়ণ হৈছে, ইয়াত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ ধুৰন্ধৰ বিষয়াৰ ছত্রছায়াত ঠিকাদাৰে অনাময় শৌচালয় নির্মাণৰ আঁচনিত লুণ্ঠনৰাজ চলাইছে ৷ এই সন্দর্ভত সংবাদ মাধ্যমত বাতৰি প্রকাশ পাইছে আৰু দুর্নীতি–নিয়মৰ প্রতিবাদত সংস্থা–সংগঠনসমূহ বিভিন্ন প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিছে যদিও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঊর্ধ্বতন কর্তৃপক্ষৰ গা লৰা নাই ৷

You might also like