নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিত সন্তান জন্ম দিব নোৱাৰাৰ বাবেই পত্নীক হত্যা

পুথি থোৱা মৃতদেহ উদ্ধাৰ আৰক্ষীৰ, ঘাতক মাইকেলক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ পাণবাৰী চাহ বাগিচাত সংঘটিত হ’ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ মাইকেল হৰ’ নামৰ লোকজনে পত্নী এলবিনা হৰ’ক হত্যা কৰি পুতি থয় পাণবাৰী চাহ বাগিচাৰ খেলপথাৰৰ কাষৰ জংঘলত ৷ দণ্ডাধীশৰ উপস্থিতিত শুকুৰবাৰে পুতি মৃতদেহটো উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ ঘটনা সন্দর্ভত ঢেকীয়াজুলি ৰাজহ চক্র বিষয়া কমলজ্যোতি বৰাই জনায় যে এলবিনা হৰ’ৰ মাতৃ তির্জু লামাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে পত্নী হত্যাকাৰী মাইকেলক গ্রেপ্তাৰ কৰে ৷

হত্যাকাৰী মাইকেলে স্বীকাৰ কৰে যে সন্তান নথকাৰ বাবেই পত্নীক মাৰপিট কৰাত মৃত্যু ঘটে ৷ সন্তানহীনতাৰ বাবেই প্রায়েই পত্নীক নির্যাতন চলোৱা মাইকেলে ৫ ডিচেম্বৰৰ গোটেই নিশা পত্নীক উলংগ কৰি বাঁহেৰে নির্মমভাৱে মাৰপিট কৰি বাহিৰত ৰাখিছিল ৷ পিছদিনা অসুস্থ পত্নীক ঢেকীয়াজুলিৰ শ্বহীদ মনবৰ নাথ সামূহিক চিকিৎসায়লৈ মাইকেলে নিজে লৈ যায় যদিও মুমূর্ষ অৱস্থাত চিকিৎসকে তেজপুৰ মেডিকেল হাস্পতাললৈ প্রেৰণ কৰিবলৈ পৰামর্শ দিয়ে ৷ মাইকেলে চিকিৎসালয়লৈ নিনি গৃহলৈ লৈ অহাত পত্নীৰ মৃত্যু হয় ৷ পিছত মাইকেলে পাণবাৰী চাহ বাগিচাৰ খেলপথাৰৰ কাষত পত্নীৰ মৃতদেহ পুতি থয়৷ শাহুৱেকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে শুকুৰবাৰে হত্যাকাৰী মাইকেলক গ্রেপ্তাৰ কৰাত হত্যাকাৰী মাইকেলে সকলো কথা স্বীকাৰ কৰে ৷ মাইকেলৰ ঘৰ পাণবাৰী চাহ বাগিচাৰ ৱেলফেয়াৰ লাইনত ৷

You might also like