তবলিগী জামাতক আইনৰ আওঁতালৈ অনাৰ পোষকতা অসমৰ মুছলমান সমাজৰ
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ দেশৰ লগতে অসমতো বৃদ্ধি পাইছে মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। বৰ্তমান ২০জন লোক আক্ৰান্ত হৈছে এই ৰোগত। নিজামুদ্দিন তবলিগী জামাতত অসমৰ বহু লোকে অংশ লৈছিল আৰু ঘূৰি আহি চৰকাৰ তথা স্বাস্থ্য বিভাগক খবৰ নিদিয়াকৈ আত্মগোপন কৰি বহু লোকৰ সংস্পৰ্শলৈ আহি এই ৰোগ সংক্ৰমণত অধিক সহায় কৰিলে এইসকল লোকে।
বহু বিতৰ্কৰ মাজেৰে অসমৰ মুছলমান সমাজে চৰকাৰৰ সৈতে লগ হৈ যুঁজ দিবলৈ সাজু হৈছে। শুকুৰবাৰে অনুষ্ঠিত হোৱা এক সংবাদমেলত এই মন্তব্য জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ। তেওঁ কয় যে যদি এতিয়াও নিজামুদ্দিনলৈ যোৱা কোনো লোক লুকাই আছে আমি তেওঁ লোকক বিচাৰি উলিয়াম আৰু স্বাস্থ্য বিভাগক গতাই দিম। আমি গোটেই সমাজ একত্ৰিত হৈ থাকি ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিব লাগিব। ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা জামাতসকল অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছে এনে লোকসকলৰ প্ৰতি চৰকাৰ কঠোৰ হোৱাৰ লগতে আইন প্ৰণয়নৰো দাবী উত্থাপন কৰে।