নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি মাহৰ মূৰত উদ্ধাৰ বোকাখাতৰ অপহৃত মেধাৱী ছাত্রী

নিয়মীয়া বার্তা, ২১ এপ্রিলঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্রস্তুতিত ব্যস্ত থকাৰ পৰাই ২১ জানুৱাৰীত নিৰুদ্দেশ হৈছিল বোকাখাত মহকুমাৰ কুৰুৱাবাহীৰ এগৰাকী ছাত্রী ৷ কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেধাৱী ছাত্রীগৰাকীক দেওবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পূর্বৰে পৰাই ছাত্রীগৰাকীক ভাবুকি প্রদান কৰি অহা কুৰুৱাবাহীৰে বিজয় দাস নামৰ যুৱকজনে বিগত তিনিটা মাহে ছাত্রীগৰাকীক অপহৰণ কৰি ভিন্ন ভিন্ন স্থানত আবদ্ধ কৰি ৰাখিছিল ৷ অপহৰণত অভিযুক্ত বিজয় দাসৰ সৈতে অপহৃত কিশোৰীগৰাকীক আৰক্ষীয়ে দেৰগাঁও থানাৰ অন্তর্গত নাককাটি দেৱী থানৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ যোৱা ২১ জানুৱাৰীৰ নিশা পঢ়ি থকা অৱস্থাৰ পৰাই নিখোজ হোৱা ছাত্রীগৰাকীৰ পৰিয়ালৰ লোকে বোকাখাতৰ থানাত এজাহাৰ দাখিল কৰিছিল ৷ বোকাখাত থানাত ৰুজু হোৱা ৩২/২০২০ নম্বৰৰ গোচৰ মর্মে অনুসন্ধান অব্যাহত ৰাখিছিল আৰক্ষীয়ে ৷ নিখোজ হোৱাৰ সময়তে ছাত্রীগৰাকীৰ মাতৃয়ে জনোৱা মতে, বিজয় দাসে ছাত্রীগৰাকীক পূর্বেও ভাবুকি দিছিল ৷ যাৰ বাবে  যুৱকজনৰ বিৰুদ্ধে ২০১৮ চনত পৰিয়ালে এজাহাৰ দাখিল কৰিছিল ৷ যুৱকজনৰ পিতৃক থানাত আবদ্ধ কৰি গাঁৱৰ একাংশ লোকে ৩১ জানুৱাৰীত ছাত্রীগৰাকীক চমজাই দি পৰীক্ষাত বহাৰ সুবিধা কৰি দিয়াৰ কথা আছিল যদিও সেয়াও হৈ নুঠিল ৷ ইয়াৰ বিপৰীতে দুয়োৰে মাজত এক প্রণয়ৰ সম্পর্ক থকা বুলি দাবী কৰি কিশোৰীগৰাকীয়ে স্বইচ্ছাই পলাই গৈছিল বুলি সাংবাদিকৰ আগত দাবী কৰে ধৃত বিজয় দাসে ৷ উদ্ধাৰ হোৱা কিশোৰীগৰাকীক স্বগৃহলৈ লৈ যাবলৈ পৰিয়ালৰ লোকক জনোৱা হৈছে আৰু প্রাপ্তবয়স্ক হোৱা হেতু অভিযুক্তক ন্যায়িক জিম্মালৈ প্রেৰণ কৰা হৈছে বুলি জানিবলৈ দিছে বোকাখাত মহকুমাৰ আৰক্ষী অধীক্ষক পৃত্থীৰাজ ৰাজখোৱাই ৷ বিগত তিনিমাহে তেওঁলোকে কোনো ফোন ব্যৱহাৰ কৰা নাছিল আৰু সঘনাই স্থান সলনি কৰি থকাৰ বাবে ছাত্রীগৰাকীৰ সন্ধান উলিয়াবলৈ সময়ৰ প্রয়োজন হোৱা বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে৷ উল্লেখ্য যে অপহূত কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মেধাৱী ছাত্রীগৰাকী ইংৰাজী বিষয়ত ষষ্ঠৰ পৰা দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীৰ মাজত জিলাৰ ভিতৰত সর্বোচ্চ নম্বৰৰ বাবে পুৰস্কৃত হৈছিল ৷ ইংৰাজী, সমাজ বিজ্ঞানত সর্বোচ্চ নম্বৰ লাভ কৰা ছাত্রীগৰাকীয়ে কমলেশ্বৰ ৰাজখোৱা ফাউণ্ডেচনৰ দ্বাৰা পুৰস্কৃতও হৈছিল ৷

You might also like