নিয়মীয়া বাৰ্তা, ৪ মে’ : তেজপুৰত চৰকাৰী এম্বুলেঞ্চত ওলাল গাঞ্জাৰ পেকেট ৷ যি সময়ত ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ আৰু এই মহামাৰীত আক্রান্তসকলক চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসাকমীসকলক দেশজুৰি জনসাধাৰণে ব্যাপকভাৱে প্রশংসাৰে ওপচাই পেলাইছে, সেই সময়তে দেওবাৰে তেজপুৰৰ এখন চৰকাৰী এম্বুলেঞ্চত গাঞ্জাৰ পেকেট উদ্ধাৰ হোৱা ঘটনাই চহৰখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা স্থানীয় বৰঘাট আৰক্ষী চকীৰ অন্তর্গত ডৰিয়ামগুৰি নিৱাসী এগৰাকী প্রসূতিক নৱজাতকসহ দেওবাৰে বিয়লি নিজ বাসগৃহলৈ এ এছ ০১ ই চি ৩৪৪৭ নম্বৰৰ আৰদণী এম্বুলেঞ্চখনত নিয়া হয় ৷ কিন্তু আদবাটতে স্থানীয় মহাভৈৰৱ আৰক্ষী চকীৰ সন্মুখত আৰক্ষীয়ে উক্ত এম্বুলেঞ্চখনত তালাচী চলাওঁতেই চালকজনৰ আসনৰ তলত উদ্ধাৰ হয় প্রায় আধা কেজি ওজনৰ এটা ভাঙৰ পেকেট৷ দেওবাৰে বিয়লি আঢ়ৈমান বজাত এম্বুলেঞ্চখনৰ পৰা এইদৰে নিষিদ্ধ গাঞ্জা উদ্ধাৰ হোৱাৰ পিছত চালক মুন্না ঘোষক আৰক্ষীয়ে সোধা–পোছা কৰি ঘটনা সন্দর্ভত তদন্ত অব্যাহত ৰাখিছে ৷ অভিযোগ অনুসৰি উক্ত গাঞ্জা কঢ়িওৱা আদৰণী এম্বুলেঞ্চখনত এটা প’র্টেল নিউজৰ সংবাদকৰ্মী এজন আছিল যদিও আৰক্ষীয়ে চলোৱা এই তালাচীৰ সময়তে এখন ভুৱা পৰিচয়–পত্র প্রদর্শন কৰি চেগ বুজি ঘটনাস্থলীৰ আঁতৰি যায় ৷