নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত পুত্রৰ প্রহাৰত মৃত্যু পিতৃৰ

নিয়মীয়া বাৰ্তা, ১৫ ফেব্রুৱাৰীঃ তেজপুৰ শালনীবাৰী আৰক্ষী চকীৰ অন্তর্গত নয়া ঘগৰা চাহ বাগিচাত বৃহস্পতিবাৰে নিশা এজন যুৱকে পিতৃক আক্রমণ কৰাৰ পিছত শুকুৰবাৰে চিকিৎসা অবিহনে মৃত্যু হয় ৷ বাগিচাখনৰ শ্রমিক চান্ত্রাৱা কর্মকাৰৰ পুত্র ৰাজু কর্মকাৰে নিশা নিজ বাসগৃহতে লাঠীৰে নির্দয়ভাৱে প্রহাৰ কৰে পিতৃক ৷ গুৰুতৰভাৱে আহত পিতৃ চান্ত্রাৱা কর্মকাৰৰ শুকুৰবাৰে বাসগৃহতে মৃত্যু ঘটে ৷ এই খবৰ লাভ কৰাৰ পিছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পিতৃহন্তা ৰাজুক গ্রেপ্তাৰ কৰে ৷ ঘটনা সন্দর্ভত কোনো অনুশোচনা প্রকাশ কৰাৰ পৰিৱর্তে ধৃত ৰাজুৱে সাংবাদিকক স্বীকাৰোক্তি দি কয় যে পিতৃয়ে সুৰাপান কৰি প্রায়েই মাতৃৰ ওপৰত অমানুষিক নির্যাতন চলায় ৷ যাৰ বাবে পিতৃক লাঠীৰে প্রহাৰ কৰে ৷

You might also like