নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় লাচিত দিৱসত ড০ চন্দন কুমাৰ শর্মা

আজিও অসমৰ জাতীয় জীৱন নিয়ন্ত্রণৰ চাবিকাঠী খিলঞ্জীয়াৰ হাতত নাই

নিয়মীয়া বাৰ্তা, তেজপুৰ, ২৫ নৱেম্বৰঃ সাম্প্রতিক অৱস্থাত অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ মাজত সংহতিৰ অভাৱ ঘটিছে৷ যাৰ বাবে জাতীয় জীৱনৰ ধূসৰ ছবিখন পৰিস্ফুট হৈ পৰিছে৷ লাচিত বৰফুকন আছিল সংহতিৰ প্রতীক৷ তাহানি অসমৰ সকলো শ্রেণীৰ জনসাধাৰণক ঐক্যবদ্ধ কৰি মোগলৰ বিৰুদ্ধে যুঁজত অৱতীর্ণ হৈ ৰণ জয় কৰিছিল৷– অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে আজি দিনজোৰা কার্যসূচীৰে কেন্দ্রীয়ভাৱে তেজপুৰত আয়োজন কৰা লাচিত দিৱসৰ মুকলি সভাত নির্দিষ্ট বক্তা হিচাপে বক্তব্য ৰাখি এইদৰে কয় বিশিষ্ট সমাজ বিজ্ঞানী তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ চন্দন কুমাৰ শর্মাই৷ বিশিষ্ট সমাজ বিজ্ঞানীগৰাকীয়ে বক্তব্যত কয় যে জাতীয় জীৱনৰ সংকট নিৰাময়ৰ বাবে যোৱা এশ বছৰেই অসমৰ খিলঞ্জীয়া ৰাইজে চাবিকাঠী পোৱা নাই৷

আজিও জাতীয় জীৱনৰ নিয়ন্ত্রণৰ চাবিকাঠী অসমীয়া খিলঞ্জীয়া জনসাধাৰণৰ হাতত নাই৷ গতিকে জাতিৰ বাবে এই যে নামি অহা প্রত্যাহ্বান, লাচিত বৰফুকনৰ আদর্শ গ্রহণ কৰি আগবাঢ়িলেহে নিৰাময়ৰ পথ প্রশস্ত হ’ব৷ মুকলি সভাখনত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰি দিয়া ভাষণত বিশিষ্ট শিক্ষাবিদ পূর্ণেশ্বৰ নাথে কয় যে লাচিত বৰফুকন অসমৰ জাতীয় জীৱনৰ সর্বকালৰ প্রেৰণাৰ ডৎস৷ লাচিতৰ আদর্শ লৈহে অসমীয়া ৰাইজ জীয়াই থাকিব লাগিব৷ তেওঁ কয়– একবিংশ শতিকা অসমীয়া জাতিৰ কাৰণে চুটি হৈ অহাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷

সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি দিয়া ভাষণত সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথে কয় যে ৰাম সিংহই অসম আক্রমণ কৰিবলৈ আহিছিল৷ সেই আক্রমণ লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়া সেনাই ওফৰাই দিছিল৷ লাচিত বৰফুকনৰ এই আত্মোৎসর্গা মনোভাবৰ বাবেই সেনানীকো সাহসী আৰু ডৎসাহিত কৰি তুলিছিল৷ মুকলি সভাখন আনুষ্ঠানিকভাৱে ডদ্বোধন কৰি বিশিষ্ট শিল্পী তথা বিষু ৰাভাৰ পুত্র পৃথ্বিৰাজ ৰাভাই কয়– অসমখন লাহে লাহে বিদেশীয়ে গ্রাস কৰি তুলিছে৷ বিদেশী তথা বহিৰাগতৰ এই আগ্রাসন প্রতিৰোধ কৰিব পাৰিলেহে লাচিতক স্মৰণ কৰাৰ প্রাসংগিকতা থাকিব৷

সভাখনৰ ডদ্দেশ্য ব্যাখ্যা আৰু লাচিত দিৱসৰ তাৎপর্য ব্যাখ্যা কৰি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে অসমীয়াৰ জাতীয় স্বার্থত আঘাত হানিব পৰা কোনো কার্যতে জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে আপোচ নকৰে৷ বর্তমানৰ বিজেপি চৰকাৰৰ সংখ্যা আছে৷ ‘কেব’ জাপি দিব পাৰিব৷ কিন্তু ইয়াত আমি মানি নলওঁ৷ এই চৰকাৰৰ দিনতেই অসমীয়া জাতিৰ ধর্মীয় নিৰপেক্ষ চৰিত্রত আঘাত হানি জাতীয় চৰিত্র বিপন্ন কৰি তুলিছে৷ তেওঁ কয়– জাতীয় জীৱন সুৰক্ষিত কৰি ৰাখিবলৈ আমি লাচিত বৰফুকন আৰু মোমাই তামুলীৰ আদর্শৰে আগবাঢ়িব লাগিব৷ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় কমিটীৰ সভাপতি ৰাণা প্রতাপ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত আমন্ত্রিত অতিথি হিচাপে শোণিতপুৰ জিলা সাহিত্য সভাৰ ভাৰপ্রাপ্ত সভাপতি ৰমেন গোস্বামী, শোণিতপুৰ জিলা ছাত্র সন্থাৰ সভাপতি অভিজিৎ নাথ, সদৌ চাওতাল সন্থাৰ সভাপতি মিণ্টু হেমব্রম আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিৰ ডপদেষ্টা পুলক বৰাই ভাষণ দিয়ে৷

ডল্লেখ্য যে দিনজোৰা কার্যসূচীৰে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে তেজপুৰত কেন্দ্রীয়ভাৱে আয়োজন কৰা লাচিত দিৱসৰ পুৱা কেন্দ্রীয় সমিতিৰ সভাপতি ৰাণা প্রতাপ বৰুৱাই পৰিষদৰ পতাকা ডত্তোলন কৰি শুভাৰম্ভ কৰে৷ ইয়াৰ পিছতেই মহাবীৰ লাচিত বৰফুকনৰ প্রতিমূর্তিত মাল্যার্পণ কৰে কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই৷ দিনৰ ১১ বজাত তেজপুৰ চহৰৰ মাজেৰে এক বর্ণাঢ়্য সাংসৃকতিক শোভাযাত্রা ডলিওৱা হয়৷ ডক্ত শোভাযাত্রা আনুষ্ঠানিকভাৱে ডদ্বোধন কৰে শোণিতপুৰৰ ডপায়ুক্ত মানৱেন্দ্র প্রতাপ সিঙে৷

You might also like