নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰৰ বালিচৰত বিলুপ্ত শগুনৰ বিচৰণ

নিয়মীয়া বার্তা, ১৯ এপ্রিলঃ মানুহৰ যান্ত্রিক জীৱনে বহু পশু–পক্ষীলৈ বিপদ নমাই আনিছে ৷ বিশ্বৰ বুকুৰ  পৰা হেৰাই যোৱাৰ ডপক্রম হৈছিল বহু পক্ষীকে ধৰি জীৱ–জন্তু ৷ কিন্তু ক’ৰোনা ভাইৰাছে বিপর্যয় নমাই অনাৰ পৰিপ্রেক্ষিতত মানুহৰ যান্ত্রিক জীৱনৰ অৱসান ঘটি ঘৰতে আবদ্ধ হৈ থকাৰ মুহূর্তত এতিয়া হেৰাই যাব ধৰা পশু–পক্ষীৰ পুনৰ আৰম্ভ  হৈছে মুক্ত জীৱন ৷ শেহতীয়াকৈ তেজপুৰত এনে এক দৃশ্যই পৰিস্ফুট হৈ পৰিছে ৷ বিশ্বৰ বুকুৰ পৰা ক্রমশঃ লুপ্ত হ’বলৈ ধৰিছে শগুন নামৰ পক্ষীবিধ৷ কিন্তু এতিয়া তেজপুৰ চহৰখনৰ গাতে লাগি থকা ব্রহ্মপুত্রৰ এটাবালিচৰত থকা শগুনৰ জাক এটাই এক অনাবিল পৰিৱেশ সৃষ্টি কৰিছে৷ এই শগুনবিধৰ নাম হৈছে ‘হিমালয়ান শগুন’ বা ‘হিমালয়ান গ্রিফ’ন শগুন’৷ এইবিধ শগুনৰ আৱাসস্থলী কাজাকিস্তান, তিবেতিয়ান প্লেটিড আদি অঞ্চল৷ ৮ৰ পৰা ১২ কিলোগ্রামৰ ওজনৰ বিৰল প্রজাতিৰ এই শগুনবিধ এতিয়া তেজপুৰ চহৰৰ ব্রহ্মপুত্রৰ বালিচৰত ৷ পক্ষী বিজ্ঞানীসকলৰ মতে, এটা জাকত দুটাৰ পৰা আঠটালৈকেহে শগুন থাকে যদিও  তেজপুৰত বালিচৰত থকা এই জাকটোত আছে ২০টাতকৈও অধিক শগুন৷ একাংশ গৱেষকৰ মতে এনে ধৰণৰ বিৰল প্রজাতিৰ চৰাই, জীৱ–জন্তুক যদি আমি সুস্থ পৰিৱেশ দিব নোৱাৰোঁ, তেনেহ’লে লুপ্ত হোৱাৰ পথলৈ যাব এই দুষ্পাপ্য সম্পদবোৰ৷ ডল্লেখ্য যে শগুন লুপ্ত হোৱাৰ আঁৰত আছে ডাইক্ল’ফেনেক নামৰ এবিধ ঔষ ধ৷

You might also like