নিয়মীয়া বাৰ্তা, ২২ ফেব্রুৱাৰীঃ অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ উদোগত আৰু চাহ জনগোষ্ঠী সাহিত্য সভাৰ সহযোগত প্রকাশন পৰিষদৰ দ্বাৰা শোণিতপুৰ জিলাত অনুষ্ঠিত হ’ব লগা দ্বিতীয় বার্ষিক সেউজ গ্রন্থমেলাক লৈ অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্রীয় নেতৃত্বৰ বিৰুদ্ধে স্বৈৰাচাৰিতাৰ অভিযোগ উত্থাপিত হৈছে ৷ ২২ তাৰিখৰ পৰা চাৰিদিনীয়া কার্যসূচীৰে তেজপুৰৰ চার্চ ফিল্ডত অনুষ্ঠিত হ’বলগীয়া সেউজ গ্রন্থমেলাক লৈ চহৰে–নগৰে যিদৰে প্রচাৰকার্য চলিল গ্রামাঞ্চল বা বাগিচা অঞ্চলত বসবাস কৰা চাহ জনগোষ্ঠীয় ৰাইজ এই সন্দর্ভত মুঠেই অৱগত নহয় বুলি অভিযোগ উঠিছে৷ কেৱল ইমানেই নহয় অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ জন্মলগ্ণৰে পৰা জডিত ব্যক্তিৰ উপৰি জনগোষ্ঠীটোৰ একাংশ লোক যিসকলে মাজে সময়ে বিভিন্ন আলোচনী, বাতৰি কাকত আদিত লিখা–মেলা কৰি আহিছে তেওঁলোককো একাষৰীয়া কৰা বুলি অভিযোগ উঠিছে৷ বৃহৎ চাহ জনগোষ্ঠীয় ৰাইজৰ জাতীয় সংগঠন অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি–সম্পাদকৰ সহিত আঙুলিৰ মূৰত গণিব পৰা মাত্র কেইজনমান ব্যক্তিয়ে ব্যক্তিগত লাভালাভৰ স্বার্থত চাহ জনগোষ্ঠী সাহিত্য সভাক ব্যৱহাৰ কৰি আহিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ গুৰুত্বপূর্ণ বিষয় যে চাহ জনগোষ্ঠী সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া এই সেউজ গ্রন্থমেলাৰ সন্দর্ভত কেন্দ্রীয় সমিতিয়ে শোণিতপুৰ জিলা সমিতিৰ উপৰি কোনো শাখা সমিতিৰ সৈতে এতিয়ালৈকে কোনোধৰণৰ যোগাযোগ বা আলোচনা–বিলোচনা কৰা নাই৷ যাৰ ফলত জিলা সমিতিৰ একাংশ বিষয়ববীয়াই বিষোদগাৰ প্রকাশ কৰিছে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ কেন্দ্রীয় নেতৃত্বৰ বিৰুদ্ধে ৷ চাহ জনজাতি কল্যাণ বিভাগৰ তৰফৰ পৰা সেউজ গ্রন্থমেলাৰ নামত আবণ্টিত লাখ লাখ টকা শৰাধ কৰাই উদ্যোক্তাসকলৰ একমাত্র লক্ষ্য বুলি ৰাজোৱাৰে লগতে অভিযোগত প্রকাশ কৰে ৷