থ্ৰী-আৰ হেণ্ড চেনিটাইজাৰৰ অভিনৱ কৌশল উদ্ভাৱন বোকাজানৰ বিজ্ঞান শিক্ষক ৰাতুল বৰাৰ
নিয়মীয়া বাৰ্তা, ১৫ মেঃ “ৰিডিউচ, ৰিচাইক’ল, ৰি-য়ুজ চমুকৈ থ্ৰী আৰ হেণ্ড চেনিটাইজাৰৰ” এক অভিনৱ কৌশল উদ্ভাৱন কৰিছে বোকাজানৰ বৰজান হাইস্কুলৰ বিজ্ঞান শিক্ষক ৰাতুল বৰাই । বোকাজান নগৰৰ দুই নং ৱাৰ্ডৰ বাসিন্দা তথা বিজ্ঞান শিক্ষক ৰাতুল বৰাই এই দীঘলীয়া লকডাউনৰ সময়ছোৱাত সময়ছোৱাত সময়ৰ সৎ ব্যৱহাৰ কৰাৰ লগতে জনসাধাৰণৰ উপকাৰত অহাকৈ কিবা এটা কৰিব পাৰিনেকি, তাৰ ওপৰত চিন্তা-চৰ্চা কৰি অৱশেষত ক’ভিড-১৯ ৰ দৰে মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে এক অভিনৱ কৌশল উদ্ভাৱন কৰে ।
লক্ষণীয় যে, ৰাজহুৱা স্থানত, চিকিৎসালয়, বিত্তীয় প্ৰতিষ্ঠান, দোকান-পোহাৰ আদিত অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ নিৰ্দেশ মৰ্মে হেণ্ড চেনিটাইজাৰ, পানী, চাবোন আদি ৰখাতো বাধ্যতামূলক । কিন্তু এই চাবোন অথবা পানীৰ নল খুলি ব্যৱহাৰ কৰোতে বিভিন্নজনে হাতেৰে চুবলগীয়া হয় । তেনে ক্ষেত্ৰত যদি নজনাকৈ কোনো ব্যক্তিৰ শৰীৰত এই ভাইৰাছ থাকে তেন্তে এইসমূহ চোৱাৰ পাছত তাতা মাৰাত্মক ভাইৰাছবিধ থাকি যোৱাৰ সম্ভাৱণা থাকে ।
গতিকে এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখিয়ে বিজ্ঞান শিক্ষক বৰাই হাতেৰে নোচোৱাকৈ কেনেকৈ ডেটল হেণ্ড ৱাছ আৰু পানী ব্যৱহাৰ কৰি হাত ধুব পাৰি তাৰ ওপৰত চিন্তা চৰ্চা কৰি এই নতুন কৌশল উদ্ভাৱন কৰে ।
তেওঁ আজি এই থ্ৰী আৰ হেণ্ড চেনিটাইজাৰৰ এই ব্যৱস্থাটো বোকাজান সমূহীয় চিকিৎসালয়ৰ অধীক্ষক দণ্ড গগৈৰ হাতত অৰ্পণ কৰা লগতে চিকিৎসালয়খনৰ স্বাস্থ্যকৰ্মীসকলক তাৰ ব্যৱহাৰ সম্পৰ্কে অৱগত কৰে ।