নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ দিল্লীৰ নিজামুদ্দিন অঞ্চলত অৱস্থিত আলামী মৰকজ বাংলেৱালী মছজিদত মাৰ্চ মাহৰ মাজভাগত অনুষ্ঠিত এক ধৰ্মীয় অনুষ্ঠানত অংশ লোৱা প্ৰায় দুহেজাৰ লোকক কোৱাৰেণ্টাইন কৰাৰ নিৰ্দেশ জাৰি কৰিছে ।
মাৰ্চ মাহৰ মাজভাগতে অনুষ্ঠিত হৱা এই এই ধৰ্মীয় সমাবেশটোৰ পাছত দিল্লীত আৰম্ভ হোৱা স্থানীয় লকডাউনৰ সূত্ৰে লোকসকল মছজিদটোতে বন্দী হৈ পৰিছিল ।
এনে লোকৰ মাজতে এজন লোকৰ মৃত্যু ঘটাত সমগ্ৰ মছজিদটোৰ চৌহদত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।
উল্লেখ্য যে মছজিদটোত যিহেতু বহুসংখ্য়ক লোকেই অৱস্থান কৰিছিল, সেইসূত্ৰে তাত থকা অধিকাংশ লোকেই এতিয়া ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে ।
ইতিমধ্য়ে ১০০০ ৰো অধিক লোকক দিল্লীৰ চিকিৎসালয়ত ৰখা হৈছে । এই অনুষ্ঠানত অংশ লোৱা ৫০ জনৰো অধিক লোকৰ শৰীৰত কভিড-১৯ পজিটিভ পোৱা গৈছে ।
ইফালে এই অনুষ্ঠানত অংশ লোৱা অসমৰ ২১৬ জন লোকৰ ভিতৰত ১০০ জনৰো অধিক লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে ।