নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিহিং পাটকাইত ১৯৩২ চনৰ পৰাই চলি আহিছে কয়লা খননঃ বনমন্ত্রী

নিয়মীয়া বাৰ্তা, ২৯ মেঃ দিহিং পাটকাইত ১৯৩২ চনৰ পৰাই কয়লা খনন চলি আহিছে৷ তদুপৰি চালেকী সংৰক্ষিত বনাঞ্চল নহয়, প্রস্তাৱিত সংৰক্ষিত বনাঞ্চলহে৷ –এই মন্তব্য ৰাজ্যৰ বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ৷ দিহিং পাটকাইত কয়লা খননৰ বিতর্কৰ প্রসংগত তেওঁ কয় যে অঞ্চলটোত ১৯৩২ চনৰ পৰাই কয়লা খনন চলি আহিছে৷ স্বৰাজোত্তৰ কালত ১৯৭৩ চনৰ পৰা ২০০৩ চনলৈ চৰকাৰে ৫৮ হেক্টৰ মাটিত খননৰ অনুমতি দিয়ে৷ ২০০৩ চনৰ পৰা ২০১৩ চনলৈ চৰকাৰে উক্ত অঞ্চলৰ খননৰ অনুমতি দিয়াৰ লগতে কাষৰে ৪১ হেক্টৰ অঞ্চলতো খননৰ অনুমতি বিচাৰে৷ সম্প্রতি একাংশ ৰাজনৈতিক দলে সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে দিহিং পাটকাইক লৈ কৰা হুলস্থূলৰ প্রতিক্রিয়া ব্যক্ত কৰি মন্ত্রী শুক্লবৈদ্যই কয় যে ২০১৩ চনৰ পৰা ২০১৬–১৭ চনলৈ কোনো অনুমতি নোহোৱাকৈ দিহিং পাটকাইত খনন চলিছিল৷ ৰাজ্যৰ বিজেপি মিত্রজোঁটৰ চৰকাৰ ক্ষমতালৈ অহাৰ পাছত সেই খনন বন্ধ কৰাৰ লগতে পূর্বৰ চৰকাৰৰ দিনত খনন কৰা ৫,০০০ মেট্রিকটন কয়লা জব্দ কৰা হয়৷ তেওঁ আৰু কয় যে চালেকী অঞ্চলটো পাটকাই বর্ষাৰণ্যৰ পৰা প্রায় ১০ কিঃমিঃ দূৰত্বত অৱস্থিত৷ চালেকী সংৰক্ষিত বনাঞ্চলো নহয়, প্রস্তাৱিত সংৰক্ষিত বনাঞ্চলহে৷ সেই অঞ্চলতহে খননৰ সম্ভাৱনা আছে৷ অৱশ্যে খনন এতিয়াও চলা নাই৷ মুঠ ২৮টা প্রক্রিয়া সম্পূর্ণ কৰাৰ পাছতহে খনন চলিব৷ কিন্তু এতিয়াও তিনিটা প্রক্রিয়াই সম্পূর্ণ হোৱা নাই৷

You might also like