নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই কিশোৰী ছাত্ৰীক ধৰ্ষণঃ হাজোৰ গাঁওবুঢ়াপামত জঘন্য কাণ্ড

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ দুই কিশোৰী ছাত্ৰীক বলপূৰ্বক ধৰ্ষণৰ এম এম এছ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰা এক জঘন্য ঘটনাই বৃহত্তৰ হাজো অঞ্চলত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে । সভ্য সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে হাজোৰ চৰাঞ্চল গাঁওবুঢ়াপামত । লকডাউনৰ মাজতে এই জঘন্য ঘটনা সংঘটিত কৰি সম্প্ৰতি পলাতক অৱস্থাত থকা লম্পটটো হৈছে হাজোৰ চৰাঞ্চলৰ গাঁওবুঢ়া পামৰ আজিবৰ আলীৰ পুত্ৰ শুকুৰ আলী (২৫) । সপ্তম শ্রেণীত অধ্যয়নৰত ভুক্তভোগী এগৰাকী কিশোৰী ছাত্রীৰ অভিযোগ অনুসৰি, পৰিয়ালৰ কোনো লোক ঘৰত নথকাৰ সুযোগ লৈ লম্পট শুকুৰ আলীয়ে তেওঁৰ বন্ধু ছানিদুল আলীৰ (২৩) সহযোগত কিশোৰীগৰাকীক নিজ বাসগৃহৰ পৰা ওচৰৰে মাকৈ খেতি এডৰাৰ মাজলৈ টানি নি তাতেই তাইক বলপূর্বক ধর্ষণ কৰে আৰু নিজৰ ম’বাইলত অশ্লীল ভিডি’ ৰেকর্ডিং কৰে৷ ধর্ষণৰ ঘটনা প্রকাশ কৰিলে অশ্লীল ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰো ভাবুকি প্রদান কৰে দুই লম্পটে৷ লাজে–পমানে কিশোৰীগৰাকীয়ে কাকো একো ক’ব পৰা নাছিল যদিও লম্পট শুকুৰে সেই ভিডিঅ’ নিজেই ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাত সমগ্র ঘটনাটো অঞ্চলজুৰি সদৰী হৈ পৰে ৷

এই ঘটনা সন্দর্ভত পৰিয়ালৰ লোকে সুধিবলৈ যোৱাত দুষ্ট প্রকৃতিৰ শুকুৰ আলীৰ পৰিয়ালে কিশোৰীগৰাকীৰ ভাতৃ ৰকিবুল হুছেইনক শুকুৰবাৰে বিয়লি চোকা অস্ত্রৰে হানি–খুঁচি গুৰুতৰভাৱে জখম কৰে৷ তেজে তুমৰলি হৈ পৰা ৰকিবুলক ততাতৈয়াকৈ শিয়ালমাৰী উপ–স্বাস্থ্যকেন্দ্রত ভর্তি কৰায় পৰিয়ালৰ সদস্যই৷ লক্ষণীয়ভাৱে শুকুৰ আলীয়ে একেখন গাঁৱৰে অন্য এগৰাকী কিশোৰী ছাত্রীক কিছু দিন পূর্বে বলপূর্বক ধর্ষণ কৰা আন এটি অশ্লীল ভিডি’ সমান্তৰালভাৱে আজি ভাইৰেল হৈ পৰিছে৷ ইফালে পুৰণি শত্রুতাৰ বাবেই আকবৰ আলী ঘাটোৱাল নামৰ এটা মাতব্বৰৰ ষড়যন্ত্রত দুটাকৈ পৰিয়ালৰ দুজনী কিশোৰীৰ ধর্ষণৰ অন্য এক তথ্য পোহৰলৈ অহাত সমগ্র অঞ্চলতে তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ দুয়োটা ভুক্তভোগী পৰিয়ালে উক্ত ঘটনা সন্দর্ভত ধর্ষণকাৰী শুকুৰ আলী আৰু তেওঁৰ পৰিয়ালৰ কেইবাজনো সদস্যৰ বিৰুদ্ধে শুৱালকুছি নদী আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ১৫/২০২০ আই পি চি ১৪৭/১৪৮/৩২৫/৩২৬/৩৭৬/৫১৬ পকচ’ আইনৰ অধীনত এটি গোচৰ ৰুজু কৰি উক্ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও ধর্ষণকাৰী শুকুৰ আলী সম্প্রতি পলাতক অৱস্থাত আছে৷ এনে জঘন্য ঘটনাৰ সৈতে জড়িত দোষীক কৰায়ত্ত কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে স্থানীয় দল–সংগঠন আৰু ৰাইজে ৷

You might also like