দুধনৈত ঘাইপথ নির্মাণত উচ্চ প্রযুক্তিৰ ক্রেন
৩১ মার্চৰ ভিতৰত কাম সম্পূর্ণ কৰিবলৈ নির্দেশ গড়কাপ্ঢানী মন্ত্রী ড০ শর্মাৰ
নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ এখোজ আগুৱাই ন ন কৌশল ব্যৱহাৰেৰে ৰাজ্যৰ গড়কাপ্ঢানী বিভাগে কাম কৰি আহিছে৷ শেহতীয়াকৈ গোৱালপাৰাৰ নির্মীয়মাণ ৪৬নং ৰাজ্যিক ঘাইপথৰ নন্দেশ্বৰত দুধনৈ নৈৰ ওপৰত দলং নির্মাণৰ কামত ব্যৱহূত হৈছে ৪০০ টন ওজন কঢ়িয়াব পৰা উচ্চ ক্ষমতাসম্পন্ন ক্রেন৷ বিভাগীয় মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কঠোৰ নির্দেশনাৰ পাছতেই দুধনৈ–গোৱালপাৰা পূব ক্ষেত্রীয় গড়কাপ্ঢানী পথ সংমণ্ডলৰ লগতে দায়িত্বৰত ঠিকাদাৰৰ গা লৰা বুলি জনা গৈছে৷ অহা ৩১ মার্চৰ ভিতৰত দলংখনৰ লগতে পথছোৱাৰ নির্মাণকার্য সম্পূর্ণ কৰিবলৈ গড়কাপ্ঢানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কঠোৰ নির্দেশ দিছে৷ মন্ত্রীৰ কঠোৰ নির্দেশনাৰ পাছতে ৰাজ্যৰ গডকাপ্ঢানী বিভাগৰ কামত প্রথমবাৰৰ বাবে ব্যৱহাৰ কৰিবলৈ অনা হৈছে উচ্চ ক্ষমতাসম্পন্ন ক্রেন৷ ৪৬নং ৰাজ্যিক ঘাইপথৰ নন্দেশ্বৰত দুধনৈ নৈৰ ওপৰত দলং নির্মাণৰ কামত ব্যৱহূত হৈছে ৪০০ টন ওজন কঢ়িয়াব পৰা উচ্চ ক্ষমতাসম্পন্ন এই ক্রেন৷ গড়কাপ্ঢানী বিভাগে প্রথমবাৰৰ বাবে মহাৰাষ্ট্রৰ পৰা অনা দুখনকৈ ক্রেন ব্যৱহাৰ কৰি দলংখনৰ নির্মাণকার্য আৰম্ভ কৰিছে৷ এই উচ্চ ক্ষমতাসম্পন্ন ক্রেনেৰে যুদ্ধকালীনভাৱে কাম কৰি অতি শীঘ্রেই দলংখনৰ নির্মাণকার্য সম্পূর্ণ কৰিবলৈ সক্ষম হ’ব বুলি দুধনৈ–গোৱালপাৰা পূব ক্ষেত্রীয় গড়কাপ্ঢানী পথ সংমণ্ডলৰ সহকাৰী অভিযন্তা তথা প্রধানমন্ত্রী গ্রামচডক যোজনাৰ ন’ডেল বিষয়া বনজিৎ অধিকাৰীয়ে জনায়৷ বিষয়াগৰাকীৰ মতে যদি স্বাভাৱিকভাৱে বনুৱাই কাম কৰে, তেন্তে এই দলঙৰ কাম সম্পূর্ণ কৰিবলৈ ২ বছৰ লাগিব৷ কিন্তু উচ্চ ক্ষমতাসম্পন্ন এই ক্রেন ব্যৱহাৰ কৰি অতিশীঘ্রেই দলংখনৰ নির্মাণকার্য সম্পূর্ণ কৰিব পাৰিব বুলি বিষয়াগৰাকীয়ে আশা প্রকাশ কৰিছে৷ উল্লেখ্য যে আৰ চি চি দলংখনৰ নির্মাণকার্য সম্পূর্ণ নোহোৱা বাবেই বিকল্প হিচাপে অস্থায়ীভাৱে নির্মাণ কৰা কাঠৰ দলঙেৰে সম্প্রতি ৰাইজে যাতায়াত কৰি আহিছে৷ কিন্তু উক্ত অস্থায়ী কাঠৰ দলংখনে ৰাইজৰ চাহিদা পূৰণ কৰিব পৰা নাই৷ উল্লেখ্য যে ৪৬ নম্বৰ ৰাজ্যিক ঘাইপথৰ এ অংশ অর্থাৎ দুধনৈৰ পৰা মাটিয়ালৈকে থকা পথছোৱা নির্মাণৰ কাম দায়িত্বৰত ঠিকাদাৰ প্রভু আগৰৱালাই শামুকীয়া গতিৰে চলোৱাত ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ নির্দিষ্ট সময়সীমাৰ ভিতৰত পথছোৱাৰ নির্মাণকার্য সম্পূর্ণ কৰিব নোৱাৰাত ইতিমধ্যে বিশ্ব বেংকে আবণ্টিত টকা ওভতাই লৈছে ৷ সম্প্রতি ৰাজ্য চৰকাৰৰ পুঁজিৰে অৱশিষ্টভাৱে নির্মাণ কৰিবলৈ থকা পথছোৱাৰ নির্মাণকার্য চলি আছে ৷ বিশেষকৈ পথছোৱাৰ দুধনৈ নদীৰ ওপৰত থকা নন্দেশ্বৰৰ আৰ চি চি দলংখনৰ এই বাতৰি যুগুতোৱালৈকে প্রায় ২৫ শতাংশ কাম কৰিবলৈ বাকী আছে৷ ফলত যাতায়াতৰ নামত ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে৷ উল্লেখ্য যে ৪৬নং ৰাজ্যিক ঘাইপথৰ কাষতেই অৱস্থিত মাটিয়া উদ্যোগ বিকাশ কেন্দ্র৷ কিন্তু ৰাজ্যিক ঘাইপথটোৰ নির্মাণকার্য সম্পূর্ণ নোহোৱা বাবেই উদ্যোগ বিকাশ কেন্দ্রৰ কাম–কাজত ব্যাঘাত জন্মিছে৷ পথছোৱাৰ চি অংশ অর্থাৎ ডুবাপাৰাৰ পৰা গোৱালপাৰা চহৰৰ বি অ’ চিলৈ থকা পথছোৱাৰ ঠিকা পোৱাক কেন্দ্র কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ ৰুজু হৈছিল৷ উক্ত কাৰণতেই চি অংশৰ বাবে আবণ্টিত সম্পূর্ণ টকা বিশ্ব বেংকে ওভতাই লৈছে৷ ফলত যাতায়াতৰ ক্ষেত্রত সম্পূর্ণৰূপে অনুপযোগী হৈ পৰিছে ডুবাপাৰাৰ পৰা গোৱালপাৰা চহৰৰ বি অ’ চি চিলৈ থকা পথ৷ ইয়াৰ উপৰি ১৭ নম্বৰ ৰাষ্ট্রীয় ঘাইপথৰ কৃষ্ণাই নদীৰ ওপৰত থকা আৰ চি চি দলংখনৰ ফাট মেলাত গধুৰ সামগ্রীভর্তি যান–বাহনৰ চলাচলত বাধাৰ সৃষ্টি হৈছে৷