নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুবছৰ ডিটেনচন কেম্পত থকা বিদেশীক মুকলিৰ নিৰ্দেশ

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছে বিশ্বজুৰি সৃষ্টি কৰা আতংকৰ প্ৰতি লক্ষ্য ৰাখি ডিটেনচন কেম্পসমূহত বৌন্দীৰ সংখ্যা হ্ৰাস কৰিবলৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । দুবছৰ ধৰি ডিটেনচন কেম্পত কটোৱা ঘোষিত বিদেশীক শীঘ্ৰে মুকলি কৰি দিবলৈ ৰাজ্যৰ সীমান্ত আৰক্ষী বিভাগক উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে । ৫ হাজাৰ টকাৰ আমানত ধনৰ বিনিময়ত মুকলি কৰি দিব লাগিব এই বন্দীসকলক৷ এটা নিজাববীয়া গোচৰৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ অজিত বৰঠাকুৰ আৰু ন্যায়াধীশ মনোজিৎ ভূঞাৰ খণ্ড বিচাৰপীঠে এই নির্দেশ সাত দিনৰ ভিতৰত কার্যকৰী কৰিবলৈ চৰকাৰক নির্দেশ দিছে ৷

উল্লেখ্য যে ১৩ এপ্রিলত এই সন্দর্ভত গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰিছিল উচ্চতম ন্যায়ালয়ে ৷ পূর্বে ডিটেনচন কেম্পত তিনি বছৰ অথবা অধিক কাল কটোৱা বন্দীক মুকলি কৰিবলৈ উচ্চতম ন্যায়ালয়ে নির্দেশ দিছিল৷ বন্দী মুকলিৰ ক্ষেত্রত আমানত ধনৰ পৰিমাণ আছিল ১ লাখ টকা৷ শেহতীয়া ডিটেনচন কেম্পৰ বন্দী মুকলি কৰাৰ ক্ষেত্রত তিনি বছৰৰ সময় দুবছৰলৈ আৰু ১ লাখ টকাৰ আমানত ধনৰ পৰিমাণ ৫ হাজাৰ টকালৈ হ্রাস কৰিবলৈ আবেদন জনোৱা হৈছিল৷ এই আবেদনৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ ডিটেনচন কেম্পৰ বন্দী মুকলিৰ সময় দুবছৰলৈ হ্রাস কৰিছিল৷ উচ্চতম ন্যায়ালয়ৰ এই গুৰুত্বপূর্ণ ৰায়ৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ১/২০২০ নম্বৰৰ নিজাববীয়া লেখ আবেদনৰ ভিত্তিত গোচৰ ৰুজু কৰে৷ এই গোচৰটোৰ শুনানি গ্রহণ কৰি ন্যায়ালয়ে ৰাজ্যৰ ৩৩খন জিলাৰ সীমান্ত আৰক্ষী অধীক্ষকক ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশনা দিছে৷ অৱশ্যে বন্দীসকলক মুক্তিৰ ক্ষেত্রত পূর্বৰ নির্দেশ অনুসৰি বায়’মেট্রিক গ্রহণ কৰিব লাগিব৷ তদুপৰি মুক্তি পোৱা বন্দীসকলে প্রতি সপ্তাহত স্থানীয় থানা অথবা আৰক্ষী চকীত হাজিৰ হ’ব লাগিব৷ ইপিনে, এই গোচৰটোৰ পৰৱর্তী শুনানি ১০ দিনৰ পিছত গ্রহণ কৰিব উচ্চ ন্যায়ালয়ে৷ পৰৱর্তী শুনানিত উচ্চ ন্যায়ালয়ৰ নির্দেশ অনুসৰি মুকলি কৰি দিয়া ব্যক্তিৰ তালিকা দাখিল কৰিব লাগিব সীমান্ত আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধানে ৷

You might also like