দুলীয়াজানৰ শনি মন্দিৰৰ সমীপত নৱজাতক উদ্ধাৰ
নিয়মীয়া বাৰ্তা ১৪ মাৰ্চঃ পুনৰ ভূ – লুন্ঠিত মানৱতা। কোনো পাষান হৃদয়ৰ পিতৃ মাতৃয়ে অবৈধ সন্তান প্ৰসৱ কৰি পেলাই থৈ গ’ল মেটেকানিত । শনিবাৰে পুৱাই দুলীয়াজানৰ শনি মন্দিৰৰ সমীপৰ পুখুৰীৰ কাষত এটি নৱজাতক উদ্ধাৰক লৈ চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শনি মন্দিৰত নিতৌ ভীক্ষাৰ পাত্ৰলৈ বহী থকা মমী গগৈ নামৰ এগৰাকী মমতাময়ী মাতৃয়ে প্ৰথমেই পেলাই থৈ যোৱা নৱজাতকক কোলাত তুলি ধৰি নিজে গাত লৈ থকা কাপোৰখনেৰে সাৱতি লয় আৰু তাৰ পিছত আন এগৰাকী প্ৰাতঃ ভ্ৰমণলৈ ওলাই অহা দীপা পাল নামৰ মহিলা গৰাকীৰ কোলাত গতাই দিয়ে নৱজাতকটিক । দীপা পাল নামৰ মহিলা গৰাকীয়ে পিছত ততাতৈয়াকৈ দুলীয়াজানৰ অইল চিকিৎসালয়লৈ লৈ যায় নৱজাতকটিক । সম্প্ৰতি অইল চিকিৎসালয়ৰ আই চি ইউত চিকিৎসালয় খনৰ শিশু বিশেষজ্ঞ ড: অজয় কুমাৰ শৰ্মাৰ তত্বাৱধানত নৱজাতকটিক চিকিৎসা প্ৰদান কৰি থকা হৈছে । অৱশ্যে চিকিৎসকৰ মতে নৱজাতকটি আগন্তুক ২৪ ঘণ্টা অভজাৰ্ভেচনত ৰাখিব লাগিব বুলি জানিবলৈ দিছে। ইফালে এই খবৰ লাভ কৰি চিকিৎসালয়খনত স্থানীয় আৰক্ষী উপস্থিত হৈ নৱজাতকটি উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত ডিব্ৰুগড়ৰ চাইল্ড লাইনক অৱগত কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উদ্যোগ লৈছে। এনেদৰে মানৱতাক ভু লুণ্ঠিত কৰি অবৈধ মাতৃত্বৰ বোজা বহন কৰিব নোৱাৰি এটি নৱজাতকক গাহৰি কুকুৰক ভক্ষণ কৰিবলৈ পুখুৰীৰ দাঁতিত মেটেকানিত পেলাই থৈ যোৱা ঘটনাক সকলোৱে একেমুখে ধিক্কাৰ দিছে।