নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৱব্রতক একাষৰীয়া কৰি ১২বিধায়কক লৈ ৰকিবুলৰ গোপন বৈঠক

নিয়মীয়া বাৰ্তা ৯ মেঃ প্রদেশ কংগ্রেছত চলি থকা শীতল যুঁজখনে শুকুৰবাৰে প্রকাশ্য ৰূপ ল’লে৷ বিৰোধী দলপতি দেৱব্রত শইকীয়াক একাষৰীয়া কৰি শুকুৰবাৰে ১২গৰাকী কংগ্রেছী বিধায়কক লৈ এক গোপন বৈঠক অনুষ্ঠিত কৰে চামগুৰিৰ বিধায়ক তথা প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনে৷ বৈঠকৰ অন্তত তেওঁ সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে যে সমষ্টি পুনৰ গঠন সন্দর্ভত কংগ্রেছ দলৰ বিধায়কসকলে আলোচনা কৰিলে৷ যিহেতু বর্তমান সময়ত ক’ৰোনাতকৈ সমষ্টি পুনৰ গঠন বেছি গুৰুত্বপূর্ণ নহয়, গতিকে এই মুহূর্তত গোটেই বিষয়টো স্থগিত ৰাখিব লাগে৷ কিন্তু ৰকিবুল হুছেইনৰ ইংগিত আছিল পৃথক৷ প্রকৃততে শেহতীয়াকৈ সমষ্টি পুনৰ গঠন আয়োগৰ সদস্য হিচাপে বিধানসভাৰ অধ্যক্ষই মনোনীত কৰিছিল কংগ্রেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থক৷ এইগৰাকী বিধায়ক বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ ঘনিষ্ঠ হিচাপে পৰিচিত৷ সেই বাবেই ৰকিবুল হুছেইনে ততাতৈয়াকৈ নিজৰ অনুগত বিধায়কসকলক লগত লৈ সামগ্রকিভাৱে সমষ্টি পুনৰ গঠন প্রক্রিয়াৰ প্রতি আপত্তি দর্শোৱাৰ ছলেৰে দেৱব্রত শইকায়ীৰ বিৰুদ্ধেও নিজৰ বিদ্রোহ প্রকাশ কৰিলে৷ উল্লেখ্য যে দেৱব্রত শইকীয়াক বিৰোধী দলপতিৰ আসনৰ পৰা আঁতৰাবলৈ প্রদেশ কংগ্রেছত দীর্ঘদিনৰ পৰাই বিসম্বাদৰ ৰাজনীতি অব্যাহত আছে৷ বিসম্বাদৰ ৰাজনীতি আঁৰৰ পৰাই পৰিচালনা কৰি আহিছে ৰকিবুল হুছেইনে৷ আজি পুনৰ তেওঁ নিজৰ শক্তি প্রদর্শনৰ জৰিয়তে বিসম্বাদক নতুন ৰূপত প্রকাশ কৰিলে৷ লগতে বিৰোধী দলপতিৰ আসনৰ প্রতিও দাবী উত্থাপন কৰিলে৷

You might also like