নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় পৰ্যায়ৰ লকডাউন সন্দৰ্ভত কি ক’লে আৰক্ষী সঞ্চালকপ্ৰধানে ? 

নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ দ্বিতীয় পৰ্যায়ৰ লকডাউনত অধিক কঠোৰ হ’ব অসম আৰক্ষী । অসম আৰক্ষীৰ তৰফৰ পৰা সকলো লোককে লকডাউন মানি চলিবলৈ কোৱাৰ লগতে অনাহকত কোনো লোকে ব্যক্তিগত বাহনেৰে আহ-যাহ কৰিলে তাৰ ওপৰতো কঠোৰ ব্যৱস্থা লোৱা হ’ব ।

বুধবাৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই সকলো লোককে লকডাউন মানি চলিবলৈ আহ্বান জনায় । লকডাউনৰ সমছোৱাত ব্যক্তিগত বাহন ব্যৱহাৰ নকৰিবলৈও আহ্বান জনালে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে । জৰুৰীকালীন ক্ষেত্ৰত ব্যৱহৃত বাহনৰ বাহিৰে যিসমূহ বাহন আৰক্ষীৰ দ্বাৰা লকডাউনৰ সময়ত চলোৱাৰ বাবে স্বীকৃতিপ্ৰাপ্ত সেইসমূহকে চলোৱাৰ অনুমতি প্ৰদান কৰিব । অন্যথা এইক্ষেত্ৰত কঠোৰ হ’ব অসম আৰক্ষী ।

ইফালে, এই সময়ছোৱাত প্ৰতিজন লোককে সামাজিক দূৰত্ব বৰ্তাই ৰাখি যিসমূহ ক্ষেত্ৰত শিথিল কৰা হৈছে সেই ক্ষেত্ৰসমূহত চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ আহ্বান আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীৰ । লগতে তেওঁ কোনো বয়স্ক লোকৰ ক্ষেত্ৰত কিবা অসুবিধা হ’লে অথবা ঔষধ পাতিৰ প্ৰয়োজন হ’লে অসম আৰক্ষীৰ হেল্পলাইন নম্বৰত ফোন কৰিবলৈও অনুৰোধ জনাইছে । আৰক্ষীৰ তৰফৰ পৰা সকলোধৰণৰ সহায় কৰাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে ভাস্কৰজ্যোতি মহন্তই ।

অসম আৰক্ষীৰ তৰফৰ পৰা বুধবাৰে আৰক্ষীসঞ্চালক প্ৰধানগৰাকীয়ে সীমিতভাৱে কোনো টেক্সিৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনালে চৰকাৰক । কিয়নো কোনো লোকৰ অতি জৰুৰী কাম থাকিলে ব্যক্তিগত বাহনৰ সলনি এই টেক্সি ব্যৱহাৰ কৰিব লাগিব বুলি কয় ভাস্কৰজ্যোতি মহন্তই । লগতে আগন্তুক ২০ এপ্ৰলি পৰ্যন্ত লকডাউন অধিক কটকটীয়া হোৱাৰ লগতে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ২০ এপ্ৰিল পাচতো পৰ্যালোচনাৰ অন্তত কিছু কিছু ক্ষেত্ৰত লকডাউন শিথিল কৰাৰ সম্ভাৱনাও ব্যক্ত কৰে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে ।

You might also like