নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙৰ ২৭গৰাকী অ’বিবি শিক্ষকৰ চাকৰিঃ তিনি মাহৰ ভিতৰত বিবেচনাৰ নির্দেশ উচ্চ ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা, ১১ ফেব্রুৱাৰীঃ দৰং জিলাৰ ২৭গৰাকী অ’বিবি শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ নির্দেশনা প্রদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ এই সন্দর্ভত দাখিল কৰা এখন লেখ আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ এন কে সিঙৰ বিচাৰপীঠে পূর্বে উচ্চ ন্যায়ালয়ৰ নির্দেশৰ ভিত্তিত গঠন কৰা কমিটীৰ প্রতিবেদন আৰু দৰঙৰ বিদ্যালয়সমূহৰ উপ–পৰিদর্শকে দাখিল কৰা প্রতিবেদনৰ ভিত্তিত অ’বিবি শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়টো বিবেচনা কৰিবলৈ নির্দেশনা দিয়ে ৷ যদি প্রতিবেদনৰ ভিত্তিত সুবিধা লাভ কৰাৰ যোগ্য বিবেচিত হয়, সেই অনুমৰি ৰাজ্য চৰকাৰক ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে ৷ অ’বিবি শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্রত এই প্রক্রিয়া তিনি মাহৰ ভিতৰত সম্পূর্ণ কৰিব লাগিব ৰাজ্য চৰকাৰে ৷ উল্লেখ্য যে, মঙলদৈ মহকুমাৰ অন্তর্গত প্রাথমিক বিদ্যালয়ত পুনৰ নিযুক্তি প্রদানৰ নির্দেশনা প্রদানৰ প্রার্থনাৰে অ’বিবি শিক্ষককেইগৰাকী উচ্চ ন্যায়ালয়ত ১৮৬/২০২০ নম্বৰ লেখ আবেদন দাখিল কৰিছে ৷ বিশেষকৈ ২০১২ চনৰ ১১ মে’ত বিদ্যালয়সমূহৰ উচ্চ পৰিদর্শকে দাখিল কৰা প্রতিবেদনত নাম অন্তর্ভুক্ত হৈ থকাৰ পৰিপ্রেক্ষিতত পুনৰ নিযুক্তিৰ প্রার্থনা জনাইছিল শিক্ষককেইগৰাকীয়ে ৷

You might also like