নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধর্মীয় মেৰুকৰণৰ নক্সা তৈয়াৰ কৰিছে আৰএছএছ–বিজেপিয়ে

নিয়মীয়া বাৰ্তা, ৪ মার্চঃ মানুহৰ মাজত বিভাজন সৃষ্টিৰ বাবে ধর্মীয় মেৰুকৰণৰ নক্সা তৈয়াৰ কৰিছে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ (আৰএছএছ) আৰু বিজেপিয়ে ৷– এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চিপিআইৰ বর্ষীয়ান নেতা ডি ৰাজাই ৷ মঙলবাৰে গুৱাহাটীত এখন সংবাদ মেলত কেন্দ্রীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি ৰাষ্ট্রীয় নেতাজনে কয়–‘ভাৰতবর্ষক হিন্দু ৰাষ্ট্র হিচাপে প্রতিষ্ঠা কৰাৰ লক্ষ্য বান্ধি লৈছে আৰএছএছে ৷ ইয়াৰ বাবে দেশৰ সংবিধানৰ ধর্মনিৰপেক্ষ চৰিত্র বিনষ্ট কৰিবলৈ কুণ্ঠাবোধ কৰা নাই শাসকপক্ষই ৷ সেইবাবেই অসমৰ দৰে দেশৰ আন ৰাজ্যতো ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এনআৰচি) প্রস্তুত কৰিব বুলি কেন্দ্রীয় চৰকাৰে ঘোষণা কৰিছে৷ এনআৰচিৰ বিৰোধিতাৰে দেশজুৰি ক্রিয়া–প্রতিক্রিয়া অব্যাহত থকাৰ মাজতো ৰাষ্ট্রীয় জনসংখ্যাপঞ্জী (এনপিপি)প্রস্তুত কৰাৰ কথা ঘোষণা কৰা হ’ল৷ একে সময়তে সংসদত গৃহীত কৰা হ’ল নাগৰিকত্ব সংশোধনী আইন (কা)৷ যাৰ বাবে বর্তমানেও সমগ্র দেশ প্রতিবাদেৰে উত্তাল হৈ আছে৷’ এনপিপি, এনআৰচি আৰু ‘কা’ মুছলমানবিৰোধী বুলি অভিহিত কৰি ৰাজাই এইবুলিও কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত বিদেশী সমস্যা সমাধানৰ বাবে প্রস্তুত কৰা এনআৰচিক লৈ চিপিআইৰ আপত্তি নাই৷ কিন্তু কেৱল ধর্মৰ নামত ৰাইজৰ মাজত বিভাজনৰ লক্ষ্যৰে দেশজুৰি এনআৰচি, এনপিআৰ আৰু ‘কা’ বলৱৎ কৰাৰ ক্ষেত্রত চিপিআই সম্পূর্ণবিৰোধী৷ ইপিনে, দিল্লীৰ শ্বাহীনবাগত সংঘটিত ঘটনাৰ বাবে কেন্দ্রীয় চৰকাৰক দোষাৰোপ কৰি ৰাজাই কয়, ‘বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মাত মতাসকলক মাওবাদী সজোৱা হয়৷ ‘কা’বিৰোধী আন্দোলন কৰাৰ বাবে কৃষক নেতা অখিল গগৈকে ধৰি ভালেসংখ্যক সংগ্রামীক কাৰাৰুদ্ধ কৰি ৰাখিছে৷ গণতন্ত্রত এনে কার্য কোনো কাৰণতে গ্রহণযোগ্য নহয় ৷’

You might also like