ধুবুৰীৰ ধৰ্মশালাত জনসভাৰে ২৪ৰ লোকসভা নিৰ্বাচনৰ ৰণদুন্দুম্ভি বদৰুদ্দিন আজমলৰ
আগন্তুক লোকসভা নিৰ্বাচনত অতি কমেও ৰাজ্যৰ তিনিখন আসনত এআইইউডিএফ বিজয়ী হোৱাৰ দাৱী আজমলৰ
নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰ: ধুবুৰী বিধানসভা সমষ্টিৰ ধৰ্মশালাত আজি আয়োজিত এখন জনসভাৰে আওপ্ৰকাৰে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ ৰণদুন্দূভি বজালে ধুবুৰীৰ স্থানীয় সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলে। দলটোৰ ২৩নং ধুবুৰী সমষ্টি কমিটিৰ উদ্যোগত আয়োজিত সেই জনসভাখনত আগন্তুক লোকসভা নিৰ্বাচনত এআইইউডিএফে অতি কমেও ৰাজ্যৰ তিনিখনকৈ লোকসভা সমষ্টিত বিজয়ী হোৱাৰ সমান্তৰালকৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনতো দলটোৱে বহুত ভাল ফলাফল লাভ কৰিব বুলি নিজৰ ভাষণত দাবী কৰে। জনসভাখনৰ পিছত সাংবাদিকৰে হোৱা কথাবতৰাত কংগ্ৰেছক কটাক্ষ কৰি তেওঁ কয় যে, ‘কংগ্ৰেছ মুৰ্দা (মৃত) দল; এতিয়া জীয়াই নাই। কংগ্ৰেছৰ যুগ গ’ল।’’
আনহাতে আগন্তুক লোকসভা সমষ্টিত কংগ্ৰেছে তেখেতক হৰুৱাবলৈ উঠি পৰি ল’গা বুলি সাংবাদিকৰ এক মন্তব্যক লৈ আজমলৰ শক্তিশেল ‘‘তেওঁলোকে মোক হৰুৱাব বুলি কৈ আছে। এতিয়া মই দেখিম আল্লাৰ শক্তি বেছি নে সেই পাপী সকলোৰ শক্তি বেছি।’’ আনহাতে কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত স্থানীয় সাংসদগৰাকীয়ে কয় যে, ‘‘আমি আহ্বান জনাই আছোঁ, জনাই থাকিম; অন্তিম দিনলৈ আমি আহ্বান জনাম। যদি তেওঁলোকে মিত্ৰতা নকৰে, তেতিয়া দেশৰ ৰাইজে সিদ্ধান্ত ল’ব কাক ভোট দিব লাগে; কাৰ কাৰণে বিজেপি ইয়াত থাকিল।’’
আনহাতে বৰ্তমানে সৰ্বভাৰতীয়া কংগ্ৰেছ কমিটি ( এআইচিচি)ৰ সৈতে এতিয়া কোনো আলোচনা হোৱা নাই যদিও সময় আহিলে সেয়া কৰা হ’ব বুলি উল্লেখ কৰি বিষয়টোলৈ তেখেতৰ চাঞ্চল্যকৰ উক্তি, ‘‘মিত্ৰতা হোৱাৰ এশ শতাংশ সম্ভাৱনা আছে। ভায়া নিতিশ কুমাৰজী, মমতা ব্যানাৰ্জীৰ জৰিয়তে যেতিয়া মহা গোটবন্ধন হ’ব; সেই সময়ত সেই মহাগোটবন্ধনত আমাৰ দলে যোগদান কৰিব আৰু সেই মহা গোটবন্ধনৰ জৰিয়তেই আমাৰ সকলোৰ ল’গত মিত্ৰতা হ’ব।’’ উল্লেখ্য যে, আজিৰ এই জনসভাখনত ধুবুৰীৰ সাংসদ তথা এআইইউডিএফৰ কেন্দ্ৰীয় সভাপতি বদৰুদ্দিন আজমলৰ উপৰিও বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক হাফিজ বছীৰ আহমেদ কাছিমী, বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক ছামছুল হুদা, ধিং সমষ্টিৰ বিধায়ক হাজী আমিনুল ইছলাম, সোণাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰাভূঞ, মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, জনিয়া সমষ্টিৰ বিধায়ক ড: হাফিজ ৰফিকুল ইছলাম, দলগাওঁ সমষ্টিৰ বিধায়ক মজিবৰ ৰহমান, গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হককে ধৰি এআইইউডিএফৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত আছিল।
অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী,