নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিত কৃষিমন্ত্ৰী অতুল বৰাৰ পৰ্যালোচনা বৈঠক; পি এম কিষাণৰ হিতাধিকাৰী বৃদ্ধিৰ নিৰ্দেশ

নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট: কৃষিমন্ত্ৰী অতুল বৰাই প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত সাহায্য প্ৰাপ্ত হিতাধিকাৰীৰ তালিকা পুণৰীক্ষণৰ কাম অধিক দ্ৰুত কৰি তোলাৰ সমান্তৰালভাবে নতুন হিতাধিকাৰী নিৰ্বাচনৰ কামো খৰতকীয়া কৰিবলৈ ধেমাজি জিলাৰ কৃষি বিষয়া সকলক নিৰ্দেশ দিয়ে। তেওঁ কয় যে, এই কাম যিমান সোনকালে সম্পন্ন হ’ব সিমানেই অধিক সংখ্যক প্ৰকৃত কৃষক উপকৃত হ’ব। ডিব্ৰুগড় জিলাৰ পৰা ধেমাজিত আহি উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে কালি আগবেলা এখন দলীয় সভাত অংশ লোৱাৰ পিছত বিয়লি জিলাখনৰ কৃষি আৰু পশুপালন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশ লয়। তেওঁ কয় যে ধেমাজি জিলাত পি এম কিষাণ সন্মান নিধিৰ অধীনত হিতাধিকাৰীৰ সংখ্যা পৰীক্ষণৰ পিছত ৮৪ হাজাৰৰ পৰা ৪৯ হাজাৰলৈ হ্ৰাস পালে। কিন্তু নতুন কৃষক হিতাধিকাৰীৰ অন্তৰ্ভূক্তি অতি লেহেম হৈ আছে বুলি তেওঁ আক্ষেপ কৰে। অথচ জৰীপৰ তথ্য অনুসৰি জিলাখনত ১.১৯ লাখ খেতিয়ক আছে। সেয়ে তেওঁ এই ক্ষেত্ৰত কৃষকৰ মাজত সজাগতা সৃষ্টিৰ বাবে ব্যাপক প্ৰচাৰ অভিযান চলাবলৈও নিৰ্দেশ দিয়ে। তদুপৰি মন্ত্ৰী গৰাকীয়ে কৃষি বিষয়া সকলক নতুন শস্যৰ কৃষি কাৰ্যৰ প্ৰতি কৃষকক আগ্ৰহী কৰি তোলাৰ বাবে অনুপ্ৰাণিত কৰিবলৈও আহ্বান জনায়, যাতে কৃষি উৎপাদন আৰু উপাৰ্জন বৃদ্ধি হ’ব পাৰে।

মন্ত্ৰীগৰাকীয়ে জিলাখনত গাহৰি পালনৰ হাৰ অধিক হোৱাৰ পৰিপ্ৰেক্ষিতত শ্বোৱাই ফ্লুৰ ক্ষেত্ৰত অতি সৰ্তক হ’বলৈ আহ‌বান জনাই কয় যে, এইখন জিলা এই ৰোগৰ বীজাণুৰ কৱলত পৰিলে পশুপালক সকল যথেষ্ট ক্ষতিৰ সন্মূখীন হ’ব। সভাত ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক তথা শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন চন্দ্ৰ পেগু আৰু জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যও অংশ লৈ ভালেমান গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰাৰ লগতে কেবাটাও পৰামৰ্শ আগবঢ়ায়। সভাত অতিৰিক্ত উপায়ুক্ত উৎপল দলে আৰু যাদৱ পেগু, জোনাই মহকুমাৰ মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদী, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জিলা কৃষি বিষয়া, জিলা পশু চিকিৎসা আৰু পশুপালন বিষয়া আদিৰ লগতে দুয়োটা বিভাগৰে আন ভালে সংখ্যক বিষয়া উপস্থিত থাকে।

You might also like