নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিত দক্ষিণ কোৰিয়াৰ নাগৰিকক লৈ হাহাকাৰ

নিয়মীয়া বার্তা, ১৮ মাৰ্চঃ ধেমাজিত মঙলবাৰে এজন দক্ষিণ কোৰিয়াৰ ব্যক্তিক লৈ এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় ৷ ক’ৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়ত কোম্পানীৰ কামত আহি ধেমাজি নগৰৰ মাজমজিয়াৰ ইম্পেৰিয়েল ইন নামৰ হোটেলখনত বিগত এসপ্তাহ ধৰি বাহৰ পাতি থকা কোৰিয়ান ব্যক্তিগৰাকীয়ে কোনো স্বাস্থ্য পৰীক্ষা নকৰাকৈ নগৰখনত মঙলবাৰে এক ব্যক্তিগত চিকিৎসা কক্ষৰ উদ্বোধনী অনুষ্ঠানত ভাগ লোৱাৰ পিছতে ৰাইজৰ মাজত হাহাকাৰ লাগে ৷ বিষয়টো জিলা প্রশাসনক অৱগত কৰাৰ লগে লগে হোটেল কক্ষত জিলা দণ্ডাধীশ, আৰক্ষীৰ উপস্থিতিত এটা চিকিৎসকৰ দলে হোটেলত ইয়োং গোক হা নামৰ ব্যক্তিজনক পৰীক্ষা কৰে ৷ হোটেল কক্ষতে চিকিৎসকৰ দলে পৰীক্ষা চলোৱাৰ উপৰি আৰক্ষীয়ে সোধাপোছা কৰে ৷ কোৰিয়াৰ নাগৰিকজন থকা হোটেলখনৰ ৰুম নং ১০৫ত এক সপ্তাহ পর্যন্ত আবদ্ধ হৈ থাকিব লাগিব লোকজন ৷ ব্যক্তিজন থকা হোটেলৰ কোঠাটো চিকিৎসা বিভাগে আইছ’লেচন কক্ষলৈ ৰূপান্তৰ কৰি পৰীক্ষা অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে ৷

You might also like