নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজী অভিযান্ত্ৰিক মহাবিদ্যালয়ত চলিত বৰ্ষৰ আগষ্টৰ পৰা আৰম্ভ হ’ব পাঠদান

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ অহা আগষ্ট মাহৰ পৰা ধেমাজী অভিযান্ত্ৰিক মহাবিদ্যালয়ত পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ’ব। জিলাখনৰ সদৰৰ পৰা প্ৰায় ১২ কিঃমিঃ দূৰত্বৰ টেকজুৰীত নিৰ্মাণ কৰা হৈছে অভিযান্ত্ৰিক মহাবিদ্যালয় খন। উল্লেখ্য যে ২০১১ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আমোলাত ধেমাজী অভিযান্ত্ৰিক মহাবিদ্যালয় খনৰ আধাৰশিলা স্থাপন কৰা হৈছিল। প্ৰথমে মেকানিকেল, চিভিল আৰু ইলেকট্ৰিকেল তিনিটা বিভাগত প্ৰথমে হ’ব পাঠদান। মহাবিদ্যালয় খন পৰ্যবেক্ষণৰ বাবে অতি শীঘ্ৰেই আহিব সৰ্বভাৰতীয় টেকনিকেল কাউন্সিলৰ দল। লখিমপুৰৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু ধেমাজীৰ সমষ্টিৰ বিধায়ক ৰণোজ পেগুৱে যৌথভাৱে আজি পৰ্যবেক্ষণ কৰে মহাবিদ্যালয় খন। কংগ্ৰেছ দলৰ কাৰ্যকালত মহাবিদ্যালয় খন অতি শামুকীয়া গতিত চলা নিৰ্মাণ কাৰ্য পৰৱৰ্তী সময়ত ২০১৬ চনৰ পৰা ক্ষীপ্ৰ গতিত আগবঢ়াই নি ধেমাজিবাসীক উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানখন আগবঢ়াই দিয়াত উৎফুল্লিত দুই জনপ্ৰতিনিধিয়ে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য খৰতকীয়া কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু শিক্ষা তথা স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। উত্তৰ অসমত কাৰিকৰী শিক্ষা প্ৰদানৰ ক্ষেত্ৰত এই উচ্চ শিক্ষানুষ্ঠানখনি ৰাজ্য তথা দেশৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানৰূপে পৰিগণিত হব বুলিও দুই জনপ্ৰতিনিধিয়ে আশা প্ৰকাশ কৰিছে।

You might also like