নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও–ডিব্রুগড়–কাছাৰ পৰিস্থিতি জটিল, ক্রমাৎ উন্নত গুৱাহাটী–যোৰহাট

নিয়মীয়া বাৰ্তা, ৯ আগষ্ট: ৰাজ্যত ক’ৰোনাকেন্দ্রিক পৰিৱেশ অধিক জটিল কৰি আক্রান্তৰ সংখ্যা ৬০ হাজাৰৰ দিশে গতি কৰিছে৷ ক’ৰোনাই ক্রমাৎ গ্রাস কৰিছে ইখনৰ পাছত সিখন জিলা৷ যোৱা   সময়ছোৱাত গুৱাহাটীৰ পৰিৱেশ ভয়াৱহ কৰি প্রতিদিনে পাঁচ শতাধিক লোক ৰাজধানী চহৰখনত আক্রান্ত হোৱাৰ খবৰে সকলোকে শংকিত কৰি ৰখাৰ পাছত এই পৰিস্থিতি এতিয়া সৃষ্টি হৈছে নগাঁও, ডিব্রুগড় আৰু কাছাৰত৷ এই তিনিখন জিলাত প্রতিদিনে প্রায় ২০০গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈ আছে৷ গুৱাহাটীৰ লগতে যোৰহাটৰ পৰিস্থিতিও অধিক জটিল হৈ আছে যদিও শেহতীয়াকৈ জিলা দুখনৰ ক’ৰোনা পৰিৱেশ নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছে স্বাস্থ্য বিভাগে৷ যোৱা মে’–জুন মাহত গুৱাহাটী আৰু যোৰহাটত আক্রান্তৰ হাৰ ২৫–৩০ শতাংশলৈ বৃদ্ধি হৈছিল৷ কিন্তু এতিয়া গুৱাহাটী আৰু যোৰহাটত এই হাৰ ৩ৰ পৰা ৫ শতাংশলৈ হ্রাস পাইছে৷ ইয়াৰ বিপৰীতে নগাঁও, ডিব্রুগড় আৰু কাছাৰৰ পৰিস্থিতি জটিল হৈ আছে৷ শুকুৰবাৰে নগাঁৱত ১৭৫জন, ডিব্রুগড়ত ২০২জন আৰু কাছাৰত ২৫০জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷

  অৱশ্যে অহা ১৫ আগষ্টৰ পাছত এই তিনিখন জিলাৰ লগতে ৰাজ্যৰ পৰিস্থিতিও উন্নত হোৱাৰ আশা প্রকাশ কৰিছে স্বাস্থ্য বিভাগে৷ ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই জানিবলৈ দিয়া মতে, ৰাজ্যত শেহতীয়াকৈ সান্ধ্য আইন, সাপ্তাহিক লকডাউন আৰু বৃহৎসংখ্যক ক’ভিড পৰীক্ষাত ক’ৰোনা আক্রান্তৰ সংখ্যা হ্রাস কৰাত সহায় কৰিব৷ মন্ত্রীজনে ক’ৰোনা আক্রান্তৰ হাৰ ১৫ আগষ্টৰ পৰা ৩ শতাংশৰ পৰা ২ শতাংশলৈ হ্রাস পোৱাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰে৷ তদুপৰি ছেপ্ঢেম্বৰৰ মাজভাগৰ পৰা ক’ৰোনাকেন্দ্রিক পৰিৱেশ উন্নত হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ আনহাতে, অহা ১২ আগষ্টৰ পৰা দৈনিক ১ লাখ ক’ভিড পৰীক্ষা কৰাৰ বাবে স্বাস্থ্য বিভাগে লক্ষ্য বান্ধি লোৱা বুলি তেওঁ জানিবলৈ দিয়ে৷

You might also like