নগাঁৱত অস্ত্রসহ চোৰাং চিকাৰী গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত প্রৱেশ কৰি গঁড নিধন কৰাৰ পৰিকল্পনা কৰা চোৰাং চিকাৰীৰ পৰিকল্পনা ব্যর্থ কৰিলে নগাঁও আৰক্ষীয়ে৷ বুধবাৰে নগাঁৱত সাংবাদিকৰ আগত এই কথা সদৰী কৰি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে কয় যে এক গোপন সূত্রৰ খবৰৰ ভিত্তিত নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনা আৰু জখলাবন্ধা থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া নীতু কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই জখলাবন্ধা ন–জানৰ পৰা এজন কুখ্যাত চোৰাং চিকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত চোৰাং চিকাৰীজনৰ নাম ৰবি আলী ওৰফে কানু (২৫)৷ পিছত ধৃত ৰবি আলীক জেৰা কৰি তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে কালি অভিযান চলাই এটা থ্রী নট থ্রী ৰাইফল, এটা মেগ্জিন, দুইজাঁই সক্রিয় গুলী আৰু এটা চাইলেন্সাৰ উদ্ধাৰ কৰে৷ ধৃত চোৰাং চিকাৰীজনে কাজিৰঙাত গঁড চিকাৰ কৰিবৰ কাৰণে এই অস্ত্র–শস্ত্রখিনি ন–জানৰ ওচৰৰ এটা কার্লভার্টত লুকুৱাই ৰাখিছিল৷