নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত আধাৰ কাৰ্ডৰ প্ৰ-পত্ৰৰ বাবদ ধন সংগ্ৰহ

আৰক্ষীৰ জালত প্ৰবঞ্চকসহ দুই মণ্ডল

গুৱাহাটীঃ নগাঁৱৰ জুৰীয়াত আধাৰ কাৰ্ডৰ নামত ব্যাপক লুণ্ঠন সংঘটিত হৈছে। দালালৰ জৰিয়তে প্ৰ-পত্ৰ বিক্ৰী কৰি আৰক্ষীৰ জালত পৰিল দুই মণ্ডল। ধৃত লোকদুজন ৰূপহীহাট ৰাজহ চক্ৰৰ চামচুল আৰিফ আৰু জালাল উদ্দিন। জানিব পৰা মতে এমৰান নামৰ এটা প্ৰবঞ্চকে একোজন গ্ৰাহকৰ পৰা আধাৰ কাৰ্ডৰ প্ৰ-পত্ৰৰ বাবদ ১০ টকাৰ পৰা ২০০ টকা পৰ্যন্ত সংগ্ৰহ কৰে। উক্ত কাৰ্যত ক্ষুৱ্ধ একাংশ লোকে আৰক্ষীক খবৰ দিয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ এমৰানক আটক কৰি সোধপোছা কৰাত ছামছুল আৰু জালাল উদ্দিন নামৰ দুই মণ্ডলৰ নিৰ্দেশ মতে ধন সংগ্ৰহ কৰা বুলি আৰক্ষীৰ সন্মুখত স্ৱীকাৰ কৰে। এমৰানৰ স্ৱীকাৰোক্তিৰ ভিত্তিতেই আৰক্ষীয়ে দুই মণ্ডলক আটক কৰে। সম্প্ৰতি তিনিওকে সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

You might also like