নগাঁৱত নকল সোনৰ নাওসহ চাৰি ব্যৱসায়ীক গ্ৰেপ্তাৰঃ দুই লাখ টকা উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ অপৰাধজনিত ঘটনাৰ ৰম্যভূমিত পৰিনত হৈছে নগাঁও জিলা৷ ড্ৰাগছকে ধৰি বিভিন্ন নিচাযুক্ত ঔষধৰ প্ৰচলন অব্যাহত থকাৰ সামান্তৰালভাৱে অবৈধ মাণাৰাঅস্ত্ৰৰ জনজননিও অব্যাহত আছে৷ চুৰি, ডকাইতিৰ ঘটনা অব্যাহত থকা জিলাখনত আৰক্ষীয়ে অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহন কৰিছে যদিও আৰক্ষী সম্পূৰ্ণৰুপে সফল হ’ব পৰা নাই ৷ আৰক্ষীৰ এই অভিযান চলি থকাৰ মাজতে আজি নগাঁৱত নকল সোনৰ নাওসহ চাৰিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ নগাঁৱৰ হয়বৰগাঁৱৰ আৰক্ষীচকীৰ সহকাৰী উপপৰিদৰ্শক মজিবুৰ ৰহমানৰ নেতৃত্বত আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি নগাঁও চহৰৰ সমীপৰ কেন্দুগুৰিত চলোৱা অভিযানত এই সফলতা লাভ কৰে৷ আৰক্ষীসুত্ৰই জনোৱা মতে লক্ষীমপুৰ জিলাৰ তিনিজন নকল সোনৰ ব্যৱসায়ীয়ে কেন্দুগুৰিত বাহৰ পাতি উত্তৰপ্ৰদেশৰ এজন ব্যৱসায়ীক এখন নকল সোনৰ নাও বিক্ৰী কৰিবলৈ প্ৰস্তুুতি চলাইছিল ৷ এই খবৰ লাভ কৰি হয়বৰগাঁও আৰক্ষীয়ে অভিযান চলাই চাৰিওজন ব্যৱসায়ীকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যৱসায় কেইজন হল লক্ষীমপুৰৰ আটিকুৰ ৰহমান,চিৰাজুল ইছলাম, মুছলিমউদ্দিন আৰু উত্তৰপ্ৰদেশৰ অশোক কুমাৰ৷ লক্ষীমপুৰৰ ব্যৱসায়ী তিনিজনে অশোক কুমাৰক দুইলাখ টকাৰ বিনিময়ত এখন নকল সোনৰ নাও বিক্ৰীৰ যো জা কৰিছিল ৷ আৰক্ষীয়ে নকল সোনৰ নাওখন জব্দ কৰাৰ লগতে দুইলাখ টকাও উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ব্যৱসায়ী কেইজনক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ যে ইয়াৰ আগতেও নগাঁৱত বৃহৎ পৰিমানৰ নকল সোনৰ সামগ্ৰী জব্দ কৰাৰ লগতে বহু কেইজন ব্যৱসায়ীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷