নিয়মীয়া বার্তা, ২১ এপ্রিলঃ বিশ্বজুৰি ক’ৰোনা ভাইৰাছে ত্রাস সৃষ্টি কৰাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আহ্বান জনোৱা লকডাউনৰ ফলত সম্প্রতি কোঙা কৰি পেলাইছে নগাঁও জিলাৰ বৰোধানৰ খেতি কৰা কৃষকসকলক ৷ বিশেষকৈ লকডাউনৰ এই ভয়াৱহ পৰিস্থিতিৰ সময়ত শ্রমজীৱী ৰাইজৰ লগতে কৃষিকর্মৰে জীৱন–নির্বাহ তথা পৰিয়াল পোহপাল দিয়া আর্থিকভাৱে দুর্বল ৰাইজৰ হাহাকাৰ সৃষ্টি হৈছে ৷ নগাঁও জিলাত কৃষিকর্মৰ লগত জডিত প্রায় ৭৫ শতাংশ লোকেই বিভিন্ন কৃষিৰ ওপৰত নির্ভৰশীল ৷ কৃষিকর্মৰ ওপৰতেই জীৱন যাপন কৰি আছে এইসকল লোকে ৷ সম্প্রতি বৰোধানৰ খেতি কৰা বতৰ ৷ জিলাখনৰ প্রায়ভাগ অঞ্চলৰ কৃষকেই এতিয়া বৰোধানৰ খেতি কৰাত ব্যস্ত ৷ এইকেইটা মাহত বৰোধানৰ গেঁৰ ওলোৱা সময় ৷ বর্তমানেও বৰুণ দেৱতাৰ কৃপাদৃষ্টি পৰা নাই এইসকল বৰোধানৰ খেতি কৰা কৃষকৰ ওপৰত ৷ বর্তমান পথাৰত নাই এটোপাল পানীও ৷
জিলাখনত ঠাইবিশেষে জলসিঞ্চনৰ অৱস্থাও একেবাৰে টনকিয়াল নহয় ৷ বহু অঞ্চলত কৃষকে নিজাকৈ মটৰ, পাম্প বহুৱাই বৰোধানৰ পথাৰত পানী যোগান ধৰিব লগাত পৰিছে ৷ একাংশ কৃষকে আকৌ আনৰ পুখুৰীৰ পৰা নিজা প্রচেষ্টাত পানী কঢ়িয়ায়ো বৰোধানৰ খেতিডৰাত দিয়া দেখিবলৈ পোৱা গৈছে ৷ কিন্তু পৰিতাপৰ বিষয় যে একাংশ কৃষকে হাতত পর্যাপ্ত ধন থাকিলেও বা চৰকাৰৰ ফালৰ পৰা কৃষকসকলক উপকৃত হ’ব পৰাকৈ ধন যোগান ধৰিছে যদিও লকডাউনৰ বন্ধত ক্রয় কৰিব পৰা নাই ডিজেল–পেট্ৰ’ল–কেৰাচিন জাতীয় ইন্ধনসমূহ ৷ ঠাইবিশেষে একাংশ কৃষকে অধিক মূল্যত ক’লা বজাৰত ডিজেল– পেট্ৰ’ল–কেৰাচিন ক্রয় কৰি পাম্প, মটৰসমূহ চলাইছে যদিও বহু আর্থিকভাৱে দুর্বল কৃষকে যোগাৰ কৰিব পৰা নাই চৰা দামত বিক্রী হোৱা এই ইন্ধনসমূহ৷ ফলত এইসকল দৰিদ্র কৃষক পৰিয়ালে এতিয়া মূৰে–কপালে হাত দিব লগাত পৰিছে৷ আনহাতে যদি এইকেইটা দিনত বৰোধানৰ খেতিডৰাত পানী দিব পৰা নাযায়, তেনেহ’লে বৰোধানৰ খেতিডৰা সমূলঞ্চে নষ্ট হোৱাৰ উপক্রম হ’ব৷ জিলাখনৰ বিশেষকৈ ৰাইদঙীয়া, আইভেটি, দলংঘাট, জাজৰি, পাঘালী, কাছমাৰী,বৰকলা, ভোমোৰাগুৰি, ভালুকমাৰী, কপাহেৰা, চাবুকধৰা, কুঁজিসত্র, শিলপুখুৰী, বটদ্রৱা, ডুমডুমীয়া, বালিসত্র, জাৰামাৰী,বলিকটীয়া, চলাপথাৰ, জেঙনি আদিকে ধৰি বিভিন্ন অঞ্চলত বৰোধানৰ খেতিসমূহত এতিয়া ছিঁৰাল ফাট দিয়া পৰিলক্ষিত হৈছে৷ নগাঁৱত জলসিঞ্চন বিভাগৰ দৰে এটা বিয়াগোম বিভাগ আছে যদিও এতিয়া কৃষকৰ বিপদৰ সময়ত এই বিভাগৰ দায়িত্বপ্রাপ্ত বিষয়াসকল যেন কুম্ভকর্ণ নিদ্রাত মগ্ণ হৈ থকাৰহে অভিযোগ উঠিছে কৃষক ৰাইজৰ মাজত৷ এই অঞ্চলসমূহৰ বৰোধানৰ খেতি কৰা কৃষকসকলে লাভ কৰা নাই জলসিঞ্চনৰ কোনো সুবিধা৷ এই লৈ এতিয়া বৰোধানৰ খেতিৰে জীৱন–নির্বাহ কৰা কৃষক পৰিয়ালসকলৰ জীৱনলৈ নামি আহিছে এক ভয়াৱহ দিনৰ আগজাননী ৷