নগাঁৱত প্রথমজন ক’ভিড–১৯ আক্রান্ত আজিজুৰ আহিছিল চেন্নাইৰ পৰা
নিয়মীয়া বাৰ্তা, ১৯ মে’: নগাঁও জিলাৰ ছোটো ৰূপহীৰ আজিজুৰ হক ৰহমান ৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাৰ লগে লগে ক’ৰোনা পজিটিভৰ তালিকাত সোমাল নগাঁও জিলা৷
আজিজুৰেই হৈছে জিলাখনৰ প্রথমজন ক’ভিড–১৯ আক্রান্ত৷ তামিলনাডুৰ এখন হোটেলত বয় হিচাপে কর্মৰত আজিজুৰে যোৱা ১৪ মে’ত চেন্নাইৰ পৰা কইম্বাটোৰ–ডিব্রুগড় বিশেষ শ্রমিক ৰে’লযোগে অসম অভিমুখে ৰাওনা হয়৷
১৬ মে’ৰ পুৱা ৰে’লখন গুৱাহাটীত উপস্থিত হোৱাৰ পিছতেই নগাঁও জিলা প্রশাসনে স্বাস্থ্য বিভাগৰ সহযোগত জিলাখনৰ ২৩গৰাকী লোকক বাছযোগে নগাঁৱলৈ আনে৷ সেইদিনাই বহিঃৰাজ্যৰ পৰা নগাঁৱলৈ প্রত্যাৱর্তন কৰা মুঠ ৩৬গৰাকী লোককো নগাঁও চহৰৰ নেহৰুবালি বাকৰিলৈ নি আটাইৰে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ছোৱাব সংগ্রহ কৰে৷ আনহাতে আজিজুৰ হক ৰহমানকে ধৰি তামিলনাডুৰ পৰা অহা লোকসকলক সেইদিনা চহৰখনৰ নটৰাজ হোটেললৈ নি তাত কিছু সময় বিশ্রামৰ ব্যৱস্থা কৰাৰ পিছত কোৱাৰেণ্টাইনত নিয়া হয়৷ ১৬ মে’ত আজিজুৰ হক ৰহমানসহ তিনিজনক জুৰীয়াৰ কদমনি টাউন হাইস্কুলৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হয়৷
সোমবাৰে পুৱাৰ ভাগতে আজিজুৰ হক ৰহমানৰ শৰীৰত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাত তেওঁক ততালিকে গুৱাহাটীৰ মহেন্দ্র মোহন চৌধুৰী হাস্পতাললৈ চিকিৎসাৰ বাবে প্রেৰণ কৰা হয়৷