নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত স্তব্ধ ৩০টা ছপাশাল

চৰম প্রত্যাহ্বানৰ সন্মুখীন শ শ শ্রমিক–কর্মচাৰী

নিয়মীয়া বাৰ্তা, ২৪ এপ্রিলঃ ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে চৰকাৰে বলৱৎ কৰা লকডাউনৰ ফলত নগাঁও জিলাৰ ক্ষুদ্র উদ্যোগসমূহ চৰম প্রত্যাহ্বানৰ সন্মুখীন হৈছে ৷ বিশেষকৈ ছপাশাল (প্রেছ) উদ্যোগসমূহ চৰম বিপর্যয়ৰ সন্মুুখীন হৈছে৷ ২৪ মার্চৰ পৰা প্রায় এমাহ ধৰি ছপাশালৰ কাম–কাজ বন্ধ হৈ আছে৷ ফলত হতাশাগ্রস্ত হৈ পৰিছে এই উদ্যোগৰ লগত জড়িত কর্মচাৰীসকল৷ এই উদ্যোগৰ লগত জডিত লোকসকলৰ লগতে দুর্ভাবনা, দুশ্চিন্তাত নিমগ্ণ হৈ পৰিছে ছপাশালৰ মালিক আৰু কর্মচাৰীসকল৷ উল্লেখ্য যে নগাঁও জিলাত সৰু–বৰ ৩০টাৰো অধিক ছপাশাল আছে৷ এই ছপাশালসমূহত প্রত্যক্ষভাৱে তিনি শতাধিক শ্রমিক–কর্মচাৰী নিয়োজিত হৈ আছে৷ আনহাতে, পৰোক্ষভাৱেও সহস্রাধিক লোক নির্ভৰশীল ৷

শেহতীয়াভাৱে কেন্দ্রীয় চৰকাৰে ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে দেশব্যাপী লকডাউন ঘোষণা কৰাৰ ফলত এই উদ্যোগটোৰ প্রতি তীব্র ভাবুকিৰ সৃষ্টি হৈছে৷ লকডাউনৰ বাবে এইবাৰ ৰঙালী বিহুৰ কার্যসূচী বাতিল কৰা হৈছে৷ এই সময়ছোৱাত বিহু উদ্যাপন সমিতিবোৰে আকর্ষণীয় আলোচনী, চিঠি–পত্র আদি প্রকাশ কৰে৷ এয়া এইবাৰ সম্ভৱ হৈ উঠা নাই ৷ বিভিন্নজনে গ্রন্থ প্রকাশৰ বাবে প্রস্তুতি চলাইছিল যদিও ছপাশাল বন্ধ থকাৰ বাবে বহুতে গ্রন্থ প্রকাশৰ কামত হাত দিব পৰা নাই৷ নির্বাচনৰ কামকে ধৰি বিভিন্ন চৰকাৰী কাম–কাজ আৰু বেচৰকাৰী প্রতিষ্ঠানৰ কাম–কাজৰ প্রকাশ কৰিব লগা বিষয়সমূহৰ লগত এই ছপাশালসমূহ জডিত হৈ আছে ৷ প্রায় এমাহ ধৰি এই ছপাশালসমূহ বন্ধ হৈ থকাত ছপাশালৰ মালিকসকলে শ্রমিক–কর্মচাৰীক মজুৰি দিয়াৰ ক্ষেত্রত সমস্যাৰ সন্মুখীন হৈছে৷ ঋণ লৈ ছপাশাল চলাই থকা কেইবাটাও ছপাশালৰ মালিক এতিয়া সংকটৰ সন্মুখীন হৈছে ৷

বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠানৰ পৰা কাগজ, চিয়াহী মেচিনৰ সামগ্রী আদি কিস্তি হিচাপে আনে ছপাশালৰ মালিকসকলে৷ এতিয়া ব্যৱসায়িক প্রতিষ্ঠানসমূহে কিস্তিৰ ধন বিচৰাত ছপাশালৰ মালিকসকল আন এক প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ গুৰুত্বপূর্ণ কথাটো হ’ল নির্বাচনৰ কামকে ধৰি চৰকাৰৰ বিভিন্ন কাম–কাজৰ বাবে নগাঁৱৰ কেইবাটাও ছপাশালে পাব লগা কেইবাকোটি টকা লকডাউনে সৃষ্টি কৰা সমস্যাৰ বাবে লাভ কৰিব পাৰা নাই৷ এই ছপাশালসমূহে ৩০ লাখৰ পৰা কোটি টকা পর্যন্ত এনে ধন পাবলৈ আছে৷ ছপাশালসমূহক এই দুর্যোগৰ পৰা মুক্ত কৰিবলৈ চৰকাৰে ইতিবাচক পদক্ষেপ গ্রহণ নকৰিলে এই উদ্যোগটোৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰিব৷ এই উদ্যোগটোৰ লগত জডিত অসমৰ আগশাৰীৰ প্রকাশন গোষ্ঠী নগাঁও চহৰৰ অজন্তা প্রেছ আৰু ক্রান্তিকাল প্রকাশনৰ স্বত্বাধিকাৰী কৈলাস ৰাজখোৱাই কয়, এই উদ্যোগৰ লগত বহু পৰিয়াল জডিত হৈ আছে৷ মোৰ নিজা প্রতিষ্ঠানত ২৮জন লোক নিয়োজিত হৈ আছে৷ এওঁলোকৰ দৰমহা, বিদ্যুতৰ বিল, আনুষংগিক কামৰ বাবে প্রতিমাহে ২.৫০ লাখ টকাৰ প্রয়োজন হয়৷ এইটোৱেই আমাৰ মূল ব্যৱসায় আৰু জীৱিকা৷ লকডাউনৰ সময়ত আমাৰ ছপাশালৰ কাম–কাজ সম্পূর্ণৰূপে বন্ধ হৈ থকাত আমি ভীষণ লোকচানৰ সন্মুখীন হৈছেছা৷ শ্রমিকসকলো ক্ষতিৰ সন্মুখীন হৈছে৷ এক ভাবিব নোৱাৰা অভাৱ–নাটনৰ মাজেৰে এই ছপাশালৰ শ্রমিকসকলে দিন অতিবাহিত কৰিব লগা হৈছে৷ তদুপৰি আমি চৰকাৰী কাম–কাজৰ ধনো লাভ কৰা নাই৷ পৰিস্থিতি বর্তমানৰ দৰে থাকিলে ছপাশালৰ উদ্যোগ চৰম অনিশ্চয়তাৰ গহ্বৰত সোমাই পৰিব ৷

You might also like