নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ পানীখাইতীয়ে বিলালে সম্প্রীতিৰ বার্তা

হিন্দু–মুছলমানৰ একেলগে ৰাস উদযাপন

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ সম্প্রীতিৰ নিদর্শন দাঙি সমন্বয়ৰ মিলনস্থলীত পৰিণত হ’ল নগাঁও চহৰৰ সমীপৱর্তী পানীখাইতীৰ শংকৰ–আজান ক্ষেত্র ৷ বৃহস্পতিবাৰে নিশা বৃহত্তৰ অঞ্চলটোৰ হিন্দু আৰু মুছলমান লোকে একত্রিত হৈ উদযাপন কৰা শ্রীশ্রীকৃষ্ণ ৰাস মহোৎসৱে সম্প্রীতিৰ নিদর্শন দাঙি সমাজলৈ ইতিবাচক বার্তা কঢ়িয়াই আনে ৷

উল্লেখ্য যে, পাঁচ বছৰ ধৰি হিন্দু আৰু মুছলমান দুয়ো সম্প্রদায়ে একেলগে পালন কৰি আহিছে শ্রীকৃষ্ণৰ ৰাস উৎসৱ ৷ নিশা অনুষ্ঠিত ৰাস উৎসৱত কৃষ্ণৰ ভাওত হিন্দু যুৱক নীলোৎপল বৰা আৰু ৰাধাৰ ভাওত মুছলমান যুৱক আৰোহী খানৰ অভিনয়ে সকলোকে আপ্লুত কৰে ৷ তদুপৰি গোপীসকলৰ নাচোন, বাঁহীৰ অমিয়া সুৰ, খোল–তালৰ অনুপম শব্দত দ্বিতীয় বৃন্দাবনত পৰিণত হয় পানীখাইতী ৷

এই ৰাস উৎসৱৰ শুভ উদ্বোধন কৰে সদৰ সমষ্টিৰ প্রাক্তন বিধায়ক গিৰীন্দ্র কুমাৰ বৰুৱাই ৷ উল্লেখ্য যে যি সময়ত কিছুমান অশুভ শক্তিয়ে হিন্দু আৰু মুছলমান উভয় সম্প্রদায়ৰ মাজত সাম্প্রদায়িকতাৰ বীজ সিঁচাৰ চেষ্টা চলাই আহিছে, তেনে সময়তে পানীখাইতীৰ শংকৰ–আজান সমন্বয় সমিতিৰ উদ্যোগত অনুষ্ঠিত ৰাস উৎসৱৰ যোগেৰে ইতিবাচক চিন্তাৰে সেই অশুভ শক্তিক সকীয়নি দিয়া হৈছে যে হিন্দু–মুছলমানৰ মাজত থকা ঐক্য–সম্প্রীতিৰ এনাজৰীডাল কেতিয়াও কোনেও ছিঙিব নোৱাৰে ৷

You might also like