নিয়মীয়া বাৰ্তা, ১১ ফেব্রুৱাৰীঃ নগাঁও চহৰৰ গাতে লাগি থকা মধুপুৰত সোমবাৰে পুৱা সৃষ্টি হয় বোমাতংক ৷ ৰাজ্যখনৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সমালোচকৰ ঘৰৰ চৌহদত পেলাই থৈ যোৱা বেগক লৈ সৃষ্টি হয় এই আতংকময় পৰিৱেশ ৷ বেগখন বিশিষ্ট সাহিত্যিক, সমালোচক জ্যোতির্ময় জানাৰ মধুপুৰস্থিত বাসগৃহৰ চৌহদত উদ্ধাৰ হয় ৷ বেগত ৰছীৰে মেৰিয়াই থোৱা আছিল বোমাসদৃশ সামগ্রী ৷ ইয়াক কেন্দ্র কৰি অঞ্চলটোত হুৱাদুৱা লাগে ৷ এই সন্দর্ভত স্থানীয় লোকে নগাঁও সদৰ আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত কৰে ৷ পাছত আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে সাহিত্যিকগৰাকীৰ বাসগৃহৰ বাৰীত পেলাই থৈ যোৱা বেগৰ ভিতৰত থকা সামগ্রীটো বোমা নহয় ৷ কোনো দুষ্টচক্রই সাহিত্যিক, সমালোচকগৰাকীক ভীতিগ্রস্ত কৰিবলৈকে এনেদৰে বেগৰ ভিতৰত বোমাসদৃশ সামগ্রী পেলাই থৈ যোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ ইপিনে, সাহিত্যিক, সমালোচকগৰাকীয়ে এয়া তেওঁৰ বিৰুদ্ধে কোনো লোকে ষড়যন্ত্র ৰচা বুলি মন্তব্য কৰিছে ৷ সাহিত্যিক, সমালোচক জানাৰ ঘৰত বোমা সদৃশ সামগ্রী উদ্ধাৰ হোৱা ঘটনাত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে নগাঁৱৰ সাহিত্য আৰু বৌদ্ধিক ক্ষেত্রৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলে ৷ সকলোৱে এই ঘটনাক গৰিহণা দিয়াৰ লগতে উচ্চ পর্যায়ৰ তদন্ত দাবী কৰিছে ৷