নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুনকৈ এনআৰচি হ’লে ক’টলৈ যাব কংগ্রেছ

দক্ষিণ শালমাৰাত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ হুংকাৰ

নিয়মীয়া বার্তা, দক্ষিণ শালমাৰা, ২৫ নৱেম্বৰঃ বিজেপি চৰকাৰে এক দেশ, এক নীতি, এক ভাষা আৰু এক ধর্মৰ পৰিকল্পনা কৰি কেব আৰু নতুনকৈ এন আৰ চি উন্নীতকৰণৰ প্রচেষ্টা হাতত লৈছে বুলি দক্ষিণ শালমাৰাৰ কংগ্রেছী বিধায়ক তথা প্রাক্তন মন্ত্রী হাজী ৱাজেদ আলী চৌধুৰীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে৷ কালি দক্ষিণ শালমাৰাৰ টুমনিত অনুষ্ঠিত কর্মচাৰী পৰিষদৰ দ্বি–বার্ষিক অধিৱেশনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বিধায়কগৰাকীয়ে আজি সমষ্টিটোৰ শালকাটাত এখন কংগ্রেছৰ কর্মীসভাত অংশগ্রহণ কৰে৷ কর্মীসভাত উপস্থিত হোৱাৰ পূর্বে দিনৰ প্রায় ১১ বজাত শালকাটা জনপ্রিয় হাইস্কুলত উপস্থিত হৈ ২০১৭–১৮ বর্ষৰ মুখ্যমন্ত্রী গ্রামীণ উন্নয়ন আঁচনিৰ পৰা বিদ্যালয়খনৰ খেলপথাৰৰ বাউণ্ডেৰী ৱাল নির্মাণৰ বাবে ২০ লাখ টকাৰ কামৰ আধাৰশিলা স্থাপন কৰে৷ এই অনুষ্ঠানত বিদ্যালয়খনৰ কার্যকৰী কমিটীৰ সভাপতি মজিবৰ ৰহমান, বিদ্যালয়খনৰ প্রধান শিক্ষক নুৰুল ইছলামৰ লগতে শালকাটা গাঁও পঞ্চায়তৰ সভাপতি আব্দুল গফুৰ জোদ্দাৰকে ধৰি শতাধিক স্থানীয় লোক উপস্থিত থাকে৷ ইয়াৰ পিছতেই বিধায়কগৰাকী দিনৰ প্রায় এক বজাত শালকাটাত কংগ্রেছৰ এখন কর্মীসভাত উপস্থিত হয়৷ দক্ষিণ শালমাৰা ব্লক কংগ্রেছৰ সভাপতি আব্দুল ছবুৰ আহমেদৰ সভাপতিত্বত কর্মীসভা অনুষ্ঠিত হয়৷ সভাখনৰ জৰিয়তে বিধায়কগৰাকীয়ে কংগ্রেছ কর্মীক শক্তিশালী হৈ কাম কৰিবলৈ আহ্বান জনায়৷ আনহাতে, অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত বিধায়কগৰাকীয়ে কয় যে এন আৰ চি প্রকাশ পোৱাৰ পূর্বে বিজেপিয়ে দাবী কৰিছিল কংগ্রেছে এন আৰ চি কৰিব নোৱাৰিলে, আমি কৰি দেখুৱাম৷ এতিয়া এন আৰ চি প্রকাশ পোৱাৰ পিছত অধিকাংশ হিন্দু লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰাৰ লগতে মুছলমানৰ নাম অন্তর্ভুক্ত হৈছে৷ ফলত এই এন আৰ চি বিজেপিয়ে মানি নলৈ কেবৰ জৰিয়তে হিন্দু লোকৰ নামত এন আৰ চিত অন্তর্ভুক্ত কৰাৰ যো–জা চলাই থকাৰ লগতে দেশজুৰি এন আৰ চি উন্নীতকৰণৰ ক্ষেত্রত আমাৰ কোনো আপত্তি নাই যদিও অসমত নতুনকৈ এন আৰ চি হ’লে আমি সহজে মানি নলওঁ৷ প্রয়োজনত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলিও বিধায়কগৰাকীয়ে দাবী কৰি আৰু কয় যে বিজেপি চৰকাৰে এক দেশ, এক নীতি, এক ভাষাৰ লগতে এক ধর্মৰ ৰাজনীতি আৰম্ভ কৰিছে৷ ধর্মনিৰপেক্ষ দেশখনত এই নীতিৰ দ্বাৰা হিন্দু–মুছলমানৰ মাজত সংঘর্ষৰ অপচেষ্টা চলোৱা বুলিও বিধায়কগৰাকীয়ে দাবী কৰা পৰিলক্ষিত হয়৷

You might also like