নিয়মীয়া বাৰ্তা, ৯জুলাই: যি সময়ত সমগ্ৰ ৰাজ্য কৰণাতংকৰ মাজত অৰ্থ সংকটৰ সন্মুখীন হৈ সৰ্বসাধাৰণৰ মাজত এক প্ৰতিকুল পৰিৱেশৰ সৃষ্টি কৰিছে সেই সময়তেই ৰাজ্যৰ ৰাজকোষত প্ৰচণ্ড মাধমাৰ সোধাই একাংশ সুৰা ব্যৱসায়ীয়ে সংশ্লিষ্ট বিভাগক বৃদ্ধাঙ্গগুষ্ঠ দেখুৱাই নিতৌ অব্যাহত ৰাখিছে অৰুণাচলী সুৰাৰ চোৰাং সৰৱৰাহ ৷ পূৰ্বৰে পৰা ট্ৰাকে ট্ৰাকে অৰুণাচলী সুৰা সৰৱৰাহ কৰি থকা এই চক্ৰটোৱে চৰকাৰৰ কঠোৰ স্থিতি আৰু বি আই ই অ ৰ অভিযানৰ বাবে দীৰ্ঘদিন ধৰি চোৰাং সৰৱৰাহৰ কাম স্তিমিত কৰি ৰাখিছিল যদিও সম্প্ৰতি নতুন কৌশলেৰে চোৰাং চক্ৰটো সক্ৰিয়ভাৱে নামি পৰিছে সুৰাৰ এই অবৈধ ব্যৱসায়ত ৷

ইয়াৰে পাৰ্থ ছোম নামৰ যুৱক জনে নিজকে এজন প্ৰভাৱশালী মন্ত্ৰীৰ ঘনিষ্ঠ বুলি জাহিৰ কৰি পূৰ্ণোদ্যমে নামি পৰিছে এনে চোৰাং ব্যৱসায়ত৷ ইপিনে নগালেণ্ডৰ ডিমাপুৰলৈ খটখটী আৰু ডিলাই পথেৰে এই চোৰাং ব্যৱসায় অব্যাহত ৰাখিছে কমলজিৎ সিং আৰু বিহাৰৰ বিকাশ জয়ছোৱাল নামৰ সুৰা ব্যৱসায়ী দুজনে ৷ উল্লেখযোগ্য যে বহু সময়ত আৰক্ষীৰ চকুত ধুলি দিবলৈ আলু বস্তাৰ তলত সুৰাৰ বটল লকুৱাই নিয়াৰ লগতে ডাম্পাৰত তলত সুৰাৰ বটল আৰু ওপৰত বালি ভৰাই অৰুণাচলী সুৰা সৰৱৰাহ কৰাৰ তথ্যও পোহৰলৈ আহিছে ৷ এতিয়া ৰাজ্যৰ আবকাৰী বিভাগে এই অসাধু চক্ৰটোক কেনেদৰে নিয়ন্ত্ৰণ কৰি এনে চোৰাং ব্যৱসায় ৰোধ কৰিব পাৰে সেয়া লক্ষণীয় হব ৷