নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন প্ৰজন্মৰ নতুন চিন্তাক সাহিত্য সভাই আঁকোৱালি ল’ব

  • বিগত কিছুবছৰৰ পৰা নতুন প্রজন্মৰ মাজত সাহিত্য সভাৰ প্রতি এক নেতিবাচক মনোভাবে গা কৰি উঠা যেন অনুভৱ হয়৷ সাহিত্য সভাৰ প্রতি তেওঁলোকক আগ্রহী কৰিবলৈ তথা সাহিত্য সভাক এক নতুন গতি প্রদান কৰিবলৈ আপুনি কি পৰিকল্পনা কৰিছে?
    – নতুন প্রজন্মৰ মাজত সাহিত্য সভাৰ প্রতি মৰম আৰু আকর্ষণ বঢ়োৱাৰ বাবে সর্বতোপ্রকাৰে প্রচেষ্টা চলোৱাৰ পৰিকল্পনা মই কৰিছোঁ৷ এই প্রচেষ্টাৰ অংশস্বৰূপে ইতিমধ্যে নতুন প্রজন্মৰ যথেষ্টসংখ্যক লেখক–লেখিকা, সাহিত্যানুৰাগীৰ সৈতে কথাও পাতিছোঁ৷ তেওঁলোকে অসম সাহিত্য সভাৰ প্রতি মৰম আৰু আস্থা প্রকাশ কৰিছে৷ তেওঁলোক অসমীয়া ভাষা–সাহিত্যৰ সকলো ধৰণৰ প্রচাৰ–প্রসাৰত লিপ্ত হ’ব খোজে৷ কিছুসংখ্যকে জনোৱা মতে ছ’চিয়েল মিডিয়াৰ যোগেদি আৰু ব্যক্তিগতভাৱে মিলিত হৈও তেওঁলোকে নতুন প্রজন্মৰ মাজত সাহিত্য সভা সম্পর্কে জৰীপ চলাইছে৷
    নতুন প্রজন্মৰ ধ্যান–ধাৰণা, নতুন চিন্তা–চর্চাক সাহিত্য সভাই সাদৰেৰে গ্রহণ কৰিব৷ মই ভাবোঁ এনেদৰেই সাহিত্য সভাৰ প্রতি নতুন প্রজন্মক আকর্ষিত কৰিব পৰাৰ যথেষ্ট সম্ভাৱনা আছে৷
  • কার্যকালৰ সীমিত সময়ৰ ভিতৰতে ভাষা–সাহিত্যৰ উন্নতিৰ বাবে কি ভূমিকা ল’ব?
    – অসমৰ যিবোৰ সমস্যাৰ ক্ষেত্রত এতিয়াও উচিত ব্যৱস্থা হোৱা নাই, সেইবোৰ সাহিত্য সভাই আগবঢ়াই নিয়া উচিত৷ এখন অসমীয়া অভিধানৰ কথা গুৰুত্বসহকাৰে চর্চা হৈ আছে৷ আমি বিচাৰোঁ যে বিভিন্ন জনগোষ্ঠীয় ভাষাৰ শব্দ সমল পার্যমানে তাত অন্তর্ভুক্ত হওক৷ লগতে সেই অভিধানখন ‘অনলাইন ডিক্সনেৰী’ হিচাপে দিব পাৰিলে নতুন প্রযুক্তি ব্যৱহাৰকাৰীসকল যথেষ্ট উপকৃত হ’ব৷ বাহিৰৰ ইংৰাজী ভাষাৰ বিখ্যাত অভিধানবোৰৰ দৰে এইখনকো গতিশীল ৰূপত চলাই নিয়াটো গুৰুত্বসহকাৰে বিবেচনা কৰি চোৱাৰ প্রয়োজন আছে, যাতে সময়ে সময়ে আহি পৰা দেশী–বিদেশী শব্দবোৰ আমাৰ ভাষাত অন্তর্ভুক্ত হয়৷
    দ্বিতীয়তে, অসমৰ ভাষা, ইতিহাস বাহিৰৰ পণ্ডিতসকলৰ কাৰণে আৰু সাধাৰণ পঢ়ুৱৈৰ বাবে দাঙি ধৰিলে অসমীয়া ভাষাৰ প্রাচীনতা আৰু গৰিমা ৰাজ্যৰ বাহিৰত উদ্ভাসিত হ’ব৷ যাৰ ফলত ইউনিক’ডত অসমীয়া ভাষা আগবঢ়াই নিয়াৰ দৰে কথাবোৰ সহজ হৈ পৰিব৷ বিদ্যায়তনিক আৰু গৱেষণামূলক সাহিত্য প্রকাশৰ কথাও সভাৰ কাৰণে বিচার্য বিষয় হ’ব পাৰে৷ অসম সাহিত্য সভাই অসমীয়া ভাষাক আমাৰ ৰাজ্যত সংযোগী মাধ্যম হিচাপে গঢ়ি তুলিবলৈ হ’লে অসমৰ বিভিন্ন ভাষিক গোষ্ঠীৰ বর্ণিল ভাষাসমূহৰ উন্নয়নত গুৰুত্ব দি তাৰ বাবে বিশেষ পদক্ষেপ লোৱাটো বাঞ্ছনীয় হ’ব৷
  •  নৱপ্রজন্মৰ লেখকৰ সৃষ্টিশীলতা বৃদ্ধিৰ বাবে কি পদক্ষেপ গ্রহণ কৰিব?
    – নতুন প্রজন্মৰ যথেষ্টসংখ্যক লেখকে উচ্চমানৰ বিশিষ্ট লেখাৰে সাহিত্যলৈ অৱদান আগবঢ়াই আহিছে৷ লগতে কিছুসংখ্যকে অনলাইন আলোচনীত সাহিত্য চর্চা কৰি নিজৰ এখন মঞ্চ তৈয়াৰ কৰি লৈছে৷ সাহিত্য সভাৰ কাৰণে তেওঁলোকৰ এইবোৰ প্রয়াসক প্রকৃত স্বীকৃতি প্রদান হ’ব অতি সময়োপযোগী পদক্ষেপ৷ কলেজ–বিশ্ববিদ্যালয়্ সভাৰ জৰিয়তে সাহিত্য সৃষ্টিত প্রেৰণা যোগোৱাৰ কথা ভবা হৈছে৷
  • তথ্য–প্রযুক্তিৰ প্রভূত প্রসাৰৰ ফলত ছপা মাধ্যমৰ প্রতি পাঠকৰ আগ্রহ হ্রাস হৈছে বুলি সততে অভিযোগ উঠে৷ সাহিত্য সভাই শাখা সাহিত্য সভাসমূহৰ জৰিয়তেও এই অৱস্থাৰ পৰিৱর্তনৰ প্রয়াস কৰিব পাৰে৷ পাঠক সৃষ্টিত সাহিত্য সভাই কি পদক্ষেপ ল’ব?
    – পঢ়ুৱৈৰ সংখ্যা কমিছে বুলি সতকাই কৈ দিয়াটো ঠিক নহ’ব৷ প্রকৃতার্থত কেনে মানৰ কিতাপ আমি পাঠকক দিছোঁ, তেওঁলোকৰ বাবে সেইবোৰ বিচার্য বিষয় হয় নে নহয়, সেইবোৰ কথাও বিশ্লেষণ কৰা প্রয়োজন৷ বহুতো পাঠকে নিজৰ গতিশীল জীৱনৰ লগত সংগতি ৰাখি অনলাইন কিতাপ পঢ়াৰ স্বভাৱ কৰি লৈছে৷ এই কথাটোৱে ইয়াকে সূচিত কৰে যে অসমৰ সাহিত্য সৃষ্টিও প্রযুক্তিবিদ্যাৰে চালিত এই জগতখনত শক্তিশালী ৰূপত প্রকাশৰ প্রয়োজন আছে৷ উল্লেখ কৰিব পাৰি যে অসমৰ উৎকৃষ্ট ৰচনাৱলীৰ প্রকৃত সংৰক্ষণ আৰু প্রচাৰৰ বাবে ডিজিটেল মঞ্চলৈ অনাটো অতি জৰুৰী বিষয়৷ সাহিত্য সভাই উচিত পদক্ষেপ লোৱাৰ ইয়েই উপযোগী সময়৷ অসমীয়া ভাষা পঢ়া, লিখা আৰু কোৱাৰ এক আনন্দময় পৰিৱেশৰ দ্বাৰা স্বাভিমান গঢ়ি তোলাত সভাই জোৰ দিব৷
  •  সাহিত্য সভা অসমৰ এক জাতীয় অনুষ্ঠান৷ জাতিৰ সংকটৰ সময়ত সাহিত্য সভাই সদায়ে মাত মাতি আহিছে৷ অসমৰ জ্বলন্ত সমস্যাসমূহৰ অন্যতম ‘নিবনুৱা সমস্যা’৷ এইক্ষেত্রত সাহিত্য সভাই আপোনাৰ কার্যকালত নতুন পদক্ষেপ ল’ব নেকি?
    – জন্মলগ্ণৰে পৰা সাহিত্য সভাই শতাধিক কাল অসমৰ জাতি গঠন প্রক্রিয়াত সক্রিয় ভূমিকা লৈ আহিছে৷ অর্থনৈতিক ভেটি আৰু কাঠামো শক্তিশালী কৰাৰ বিষয়টো জাতি গঠনৰ এক গুৰুত্বপূর্ণ বিষয়৷ আমাৰ সম্পদৰাজিক উচিত ব্যৱহাৰ আৰু তাৰ সৈতে থলুৱা জনগোষ্ঠীৰ আটায়ে অংশীদাৰ হোৱাৰ বাতাৱৰণ সৃষ্টি কৰাত সভাই এটা ইতিবাচক পদক্ষেপ লোৱাটো সময়ৰ এক প্রত্যাহ্বান৷ অর্থনৈতিক সচ্ছলতাই সাহিত্য–সংস্কৃতিতো গুৰুত্বপূর্ণ প্রভাৱ পেলায়৷ সাহিত্য সৃষ্টি আৰু কলা–কৃষ্টিৰ মঞ্চ আৰু বজাৰ বৃদ্ধিকৰণে গ্রন্থ প্রকাশ আৰু প্রচাৰত নিশ্চিতভাৱে সহায় কৰে৷ ড০ মহেশ্বৰ নেওগে তেওঁৰ অভিভাষণত উল্লেখ কৰা ‘ভাত থাকিলেহে মাত’ কথাখিনিৰ গুৰুত্ব আমি আটায়ে উপলব্ধি কৰা উচিত৷
  •  বহু গুৰুত্বপূর্ণ পদত কার্যনির্বাহ কৰিও আপুনি অবিৰত সাহিত্য চর্চা কৰি গৈছিল৷ কেতিয়াবা সময়ৰ নাটনি হৈছিল নেকি?
    – স্কুলীয়া দিনৰে পৰা মই সাহিত্য সৃষ্টিৰ সৈতে জড়িত হৈ আছোঁ আৰু ই মোৰ নিচা৷ সেয়েহে কলেজৰ অধ্যাপক, ভাৰতীয় অর্থনীতি সেৱাৰ বিষয়া বা ৰে’ল সেৱাৰ বিষয়া আদি কর্মৰাজিৰ মাজতো মই এই নিচাৰ পৰা নিজকে বিচ্ছিন্ন কৰিব পৰা নাছিলোঁ৷ আৰক্ষী বিভাগত কর্মৰত হৈ থকা সময়তো সময়ৰ ছেগ বুজি সাহিত্যৰ সেৱা কৰাত মই কার্পণ্য কৰা নাছিলোঁ৷ বৰঞ্চ এই বিভিন্ন জীৱিকাৰ পৰা আহৰণ কৰা বিভিন্ন অভিজ্ঞতা, অনুভূতি মোৰ বাবে লিখাৰো সমল হৈ পৰিছিল৷ মই নাভাবোঁ যে কোনো এটা পেছাত কর্মৰত থাকিলেও নিজস্ব সৃষ্টি কর্মত বাধা আহিব পাৰে৷ অৱশ্যে সময়ৰ কিছু টনাটনি হ’ব পাৰে, কিন্তু ইয়াৰ উপযুক্ত ব্যৱহাৰৰ দ্বাৰা লিখা–পঢ়াৰ বাবেও কিছু আছুতীয়া সময় উলিওৱা সম্ভৱ৷ সেইকাৰণে বহুতো সাহিত্যিক বিভিন্ন কর্মৰাজিত ব্যস্ত থকাৰ সময়তো অনুপম সাহিত্য সৃষ্টিৰে বিশ্ব সাহিত্যত জিলিকি আছে৷
  • জীৱনত সফলতা লাভত শিক্ষাৰ মাধ্যম অন্তৰায় হ’ব পাৰে নেকি?
    – শিক্ষাৰ মাধ্যম বাছি লোৱাটোৱেই ডাঙৰ কথা নহয়৷ কথা হ’ল যিকোনো ভাষাৰ সুন্দৰকৈ ব্যৱহাৰিক প্রয়োগ জানিব লাগিব৷ অর্থাৎ যিকোনো ভাষা সুন্দৰকৈ ক’ব, লিখিব আৰু পঢ়িব পৰাটো অতি জৰুৰী বুলি ভাবোঁ৷ তদুপৰি সাম্প্রতিক পৃথিৱীৰ জ্ঞানৰাশিৰ সৈতে পৰাপক্ষত নিজকে ‘আপডেট’ কৰি ৰখাটো বৰ প্রয়োজনীয়৷ নহ’লে সময়ৰ দুর্বাৰ গতিত পিছপৰি ৰোৱাৰ সম্ভাৱনা থাকে৷
You might also like