নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন ৰাজনৈতিক দলে ক্ষতি নকৰে বিজেপিৰঃ ৰঞ্জিত দাস

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ ‘কা’বিৰোধী আন্দোলনৰ মাজতে নতুনকৈ ৰাজনৈতিক দল গঠনৰ বাবে আৰম্ভ হোৱা চর্চাক লৈ প্রতিক্রিয়া প্রকাশ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আজি কয় যে নতুন দলে বিজেপিৰ তিলমানো ক্ষতি নকৰে৷ তেওঁৰ স্পষ্ট মত– অসমৰ ৰাইজ আগৰ দৰে আৱেগিক হৈ থকা নাই৷

মন কৰিবলগীয়া যে ‘কা’বিৰোধী প্রতিবাদৰ সমান্তৰালকৈ বিজেপিৰ বিকল্প দল গঠনৰ প্রক্রিয়া আৰম্ভ হৈছে সদৌ অসম ছাত্র সন্থাৰ (আছু) নেতৃত্বত৷ বিষয়টোক লৈ চলা সৰৱ চর্চাৰ মাজতে সভাপতি ৰঞ্জিত দাসে কয়– এখন গণতান্ত্রিক ৰাজ্যত যিকোনো দলে নির্বাচনত অংশগ্রহণ কৰিব পাৰে৷ সেয়া নতুন ৰাজনৈতিক দলেই হওক বা কোনো সংগঠনেই হওক৷ এয়া গণতান্ত্রিক অধিকাৰ৷ বিজেপি হ’ল কেডাৰৰ দ্বাৰা পৰিচালিত দল, য’ত ৪২ লাখ সদস্য আৰু ২ লাখ ৮০ হাজাৰ পৃষ্ঠাপ্রমুখ আছে৷ এই সদস্য আৰু পৃষ্ঠাপ্রমুখসকলে বিজেপিক সকলো নির্বাচনত জয়যুক্ত কৰাত সহযোগিতা তথা সহায় কৰি আছে৷ গতিকে নতুন ৰাজনৈতিক দল আমাৰ কাৰণে প্রত্যাহ্বান হোৱাটো দূৰৰ কথা, এনে নতুন দলে আমাৰ তিলমানো ক্ষতি কৰিব নোৱাৰে৷ যদি গণতান্ত্রিক দল গঠন কৰি কোনোবাই অসমৰ সেৱা কৰিব বিচাৰে, তেন্তে বিজেপিয়ে তাক আদৰণি জনাব৷ কিন্তু আমাৰ বিশ্বাস যে অসমৰ ৰাইজ আগৰ দৰে আৱেগিক হৈ থকা নাই৷ অসমৰ ৰাইজে বাস্তৱ কথাবোৰ বুজি উঠিছে৷ পূর্বে আৱেগিক হৈ থকাৰ কাৰণে অসম চুক্তিৰ জৰিয়তে ১৯৫১ চনটো ভিত্তিবর্ষ হোৱাৰ পৰিৱর্তে ১৯৭১ ভিত্তিবর্ষ হোৱাত লাখ লাখ বিদেশীৰ বোজা ল’ব লগা হ’ল৷ সেই সময়ত যি ৰাজনৈতিক দল গঠন হ’ল আৰু চৰকাৰ গঠন হ’ল, পৰৱর্তী সময়ত এইবোৰ কথা ৰাইজে গম পাইছে৷ পুনৰ দ্বিতীয়বাৰৰ বাবে অসমীয়া ৰাইজে আৱেগৰ ওপৰত ভিত্তি কৰি গঠন কৰিব খোজা ৰাজনৈতিক দলৰ ওপৰত বিশ্বাস নকৰে৷ সেয়া আগন্তুক দিনত স্পষ্ট হ’ব৷ আহিব লগা বিধানসভা নির্বাচনত বিজেপিয়ে লোকসভা নির্বাচন আৰু পঞ্চায়ত নির্বাচনৰ দৰেই সহজে জয়লাভ কৰিব৷ ৰাইজে যেতিয়া কথাটো বুজি উঠিব, বিভ্রান্তিমূলক কথাবোৰ যেতিয়া ৰাইজে গম পাব, উৰাবাতৰিৰ আঁৰত, অপপ্রচাৰৰ আঁৰত যে ৰাজনৈতিক উদ্দেশ্য আছে, সেই কথাবোৰ যেতিয়া বুজিব, তেতিয়া অসমবাসীয়ে এই আৱেগ এৰি পেলাব৷

তদুপৰি কোটি কোটি মানুহ অসমলৈ আহিব বুলি নাগৰিকত্ব সংশোধনী আইনক লৈ চলোৱা ভুৱা প্রচাৰ সন্দর্ভত আচল তথ্য লাভ কৰিলে ৰাইজে প্রকৃত সত্য ভালকৈ বুজি উঠিব৷ দাসে কয়– ‘প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কংগ্রেছৰ নেতা তথা প্রয়াত প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ দৰে ৰাইজক ঠগোৱা কাম কৰা নাই৷ ঠগোৱা কাম কৰি ১৯৫১ চনৰ পৰিৱর্তে ১৯৭১ চন কৰিলে, যাৰ বাবে কিমান বিদেশী অসমলৈ আহিল, তাৰ কোনো লেখ–জোখ নাই৷ এখন চৰকাৰে অথবা ৰাজীৱ গান্ধীৰ দৰে নেতাই এনে অপৰিপক্ব কাম কৰিব বুলি অসমৰ ৰাইজে ভাবিব পৰা নাই৷ ‘কা’ৰ জৰিয়তে সীমা বান্ধি দিয়া হৈছে ২০১৪ চনৰ ৩১ ডিচেম্বৰ আৰু কিমানসংখ্যক লোকে আবেদন কৰিব, সেয়াও স্পষ্ট হ’ব৷ দৰাচলতে এই আইনৰ জৰিয়তে এজনো লোক নাহে৷ যিসকল লোক শৰণার্থী হিচাপে ইতিমধ্যে আছে, সেই লোকসকলকহে নাগৰিকত্ব দিয়া হ’ব৷ ইয়াৰ দ্বাৰা অসমৰ ভাষা–সংস্কৃতিৰ এক ইঞ্চিও ক্ষতি নহয়৷ এটা কথা স্পষ্ট যে এই আইনৰ দ্বাৰা কিমান লোকে নাগৰিকত্ব পাব, সেয়া গম পোৱা যাব৷ কিন্তু ৰাজীৱ গান্ধী আৰু অসম চুক্তিৰ স্বাক্ষৰকাৰীসকলৰ মাজত এই সন্দর্ভত কোনো তথ্য নাই যে কিমান বিদেশীয়ে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ নাগৰিকত্ব পালে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাজীৱ গান্ধীৰ দৰে ইমান কেঁচা কাম নকৰে৷ গতিকে নতুন ৰাজনৈতিক দল গঠন কৰিলে বিজেপিৰ কোনো প্রত্যাহ্বান নহয়৷’

You might also like