নিয়মীয়া বাৰ্তা, ১০ মে’ : নলবাৰী চহৰৰ সোণপুৰত শুকুৰবাৰে বিয়লি এগৰাকী ৰিক্সাচালকে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে ৷ কৰুণ মৃত্যুক আঁকোৱালি লোৱা এই দুর্ভগীয়া ৰিক্সাচালকগৰাকী হৈছে নলবাৰী জিলাৰ গুৱাকুছি গাঁৱৰ যোগেন বৈশ্য ৷ ৰিক্সাচালকগৰাকীয়ে নলবাৰী চহৰৰ মাজমজিয়াৰ সোণপুৰত বহু বছৰ ধৰি ভাৰাতীয়া হিচাপে থাকি ৰিক্সা চলাই জীৱন নির্বাহ কৰি আছিল ৷ কিন্তু ক’ৰোনা ভাইৰাছৰ বাবে দেশত চলি থকা লকডাউনৰ পৰিপ্রেক্ষিতত বন্ধ হৈ পৰে উপার্জনৰ পথ ৷ আর্থিক সংকটৰ বাবেই শুকুৰবাৰে বিয়লিৰ ভাগত নিজ গৃহত চিপ লৈ তেওঁ আত্মহত্যা কৰে ৷ উল্লেখ্য যে মৃত যোগেন দাসৰ পূর্বৰ পত্নীৰ মৃত্যু হোৱাত দ্বিতীয়বাৰ বিবাহপাশত আবদ্ধ হৈছিল ৷ জানিব পৰা মতে, ৪ সন্তানৰ পিতৃ দাসে দ্বিতীয় পত্নী আৰু সৰু পুত্রৰ সৈতে সোণপুৰত আছিল ৷ কিন্তু তীব্র অর্থ সংকটত ভুগি পত্নীৰ সৈতে মাজে–সময়ে তর্কযুদ্ধত লিপ্ত হৈছিল ৷ আত্মহত্যাৰ সময়ত পত্নী ঘৰত উপস্থিত নাছিল বুলি স্থানীয় লোকে জনায় ৷