নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ শিয়ালমাৰী থানাৰ অ’চিসহ দুজনক ৰিজার্ভলৈ প্রেৰণ

নিয়মীয়া বার্তা, ১৯ এপ্রিলঃ ক’ৰোনা ভাইৰাছৰ ‘ৰেড জ’ন’ৰ আওতাত পৰা নলবাৰী জিলাৰ চৰাঞ্চলৰ শিয়ালমাৰী আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াসহ দুগৰাকী আৰক্ষীক দুর্নীতিৰ অভিযোগত শনিবাৰে জিলা আৰক্ষী অধীক্ষকে ৰিজার্ভ ক্ল’জ কৰিছে ৷ ঘটনাৰ বিৱৰণী মতে, যোৱা ১৬ এপ্রিলত পূব বৰক্ষেত্রী বহুমুখী সমবায় সমিতিৰ পৰা কুৰিহামাৰী গাঁওৰ সুলভ মূল্যৰ এজেণ্ট বাৎসা আলী নামৰ দোকানীজনে গ্রাহকক বিনামূলীয়াকৈ বিতৰণ কৰাৰ উদ্দেশ্যে কেইবা কুইণ্টল চাউল লৈ গৈছিল ৷ পিছত সুলভ মূল্যৰ এজেণ্টজনে নিজ ভাতৃ আজিজুৰ ৰহমানৰ সৈতে লগ লাগি ইয়াৰে ১০ কুইণ্টল চাউল এখন ঘোঁৰাগাডীত বেলেগকৈ বোজাই কৰি এজন বেপাৰীৰ ওচৰত বিক্রী কৰাৰ কথা স্থানীয় ৰাইজে জানিব পাৰি শিয়ালমাৰী থানাক অৱগত কৰে ৷ শিয়ালমাৰী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া বিলেশ্বৰ কলিতা, সহঃ আৰক্ষী বিষয়া আইজুদ্দিন আহমেদ আৰু কনিষ্টবল লালচান্দ আলী ঘটনাস্থলীত উপস্থিত হৈ এজেণ্টজনৰ ভাতৃ আজিজুৰক আৰক্ষী থানালৈ লৈ যায় ৷ নিশা ১২ বজাত আৰক্ষীয়ে আজিজুৰৰ পৰা নগদ ১ লাখ ১০ হাজাৰ টকা লৈ থানাৰ পৰা মুকলি কৰি দিয়ে ৷ এই খবৰ শুকুৰবাৰে স্থানীয় ৰাইজে জানিব পাৰি ঘটনাটোৰ সবিশেষ নলবাৰী জিলাৰ আৰক্ষী অধীক্ষকক ফোনেৰে জনোৱাত আৰক্ষী অধীক্ষকগৰাকীয়ে ততালিকে ভাঙনামাৰী চক্র পৰিদর্শকক তদন্তৰ বাবে পঠিয়ায় ৷ ভাঙনামাৰী আৰক্ষী থানাৰ গোচৰ নং ১২/২০২০ৰ অধীনত ৪০৬/৪৬৮/৩৭৯ ধাৰাত আজিজুৰ ৰহমানক গ্রেপ্তাৰ কৰে ৷ ইফালে আজিজুৰৰ ককায়েক সুলভ মূল্যৰ এজেণ্ট বাৎসা আলী আৰক্ষীৰ গ্রেপ্তাৰৰ ভয়ত পলাই আছে ৷ আনহাতে, থানাখনৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া, সহঃ আৰক্ষী বিষয়া আৰু কনিষ্টবল তিনিওগৰাকীক পুলিচ ৰিজার্ভলৈ ক্ল’জ কৰিছে ৷

You might also like