নিয়মীয়া বার্তা, ২৯ ফেব্রুৱাৰীঃ ধর্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱা দুই লম্পটক শুকুৰবাৰে হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰ অতিৰিক্ত সত্র ন্যায়াধীশৰ আদালতে জৰিমনাসহ যাৱজ্জীৱন সশ্রম কাৰাদণ্ডৰে দণ্ডিত কৰে ৷ লম্পটদ্বয় হ’ল হোজাই জিলাৰ কাকী তিনি হাজাৰ বিঘা অঞ্চলৰ আব্দুল খালিকৰ পুত্র জাহাংগীৰ আলম আৰু কাকী খাগৰিজানৰ হবিব আলীৰ পুত্র ইলিয়াছ আলী ৷ দুয়ো অপৰাধীয়ে বিগত ২০১৭ চনৰ ১৮ নৱেম্বৰত কাকী ডেৰাপথাৰ গাঁৱৰ এগৰাকী ১৬ বছৰীয়া নাবালিকাক ধর্ষণ কৰে ৷ নিজ ঘৰৰ চৌহদৰ পৰাই দুই লম্পটে নাবালিকাগৰাকীক অপহৰণ কৰি লৈ এই কু–কার্য সংঘটিত কৰে ৷ ঘটনা সংক্রান্তত ভুক্তভোগীৰ পৰিয়ালৰ লোকে কাকী থানাত এজাহাৰ দাখিল কৰাত কাকী আৰক্ষীয়ে পছকো আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি তদন্তমর্মে দুয়ো লম্পটক গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰিছিল ৷ হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰ আদালতত শুকুৰবাৰে জিলা অতিৰিক্ত আৰু সত্র ন্যায়াধীশ এন এছ দেউৰীৰ আদালতে উক্ত গোচৰৰ ৰায়দান কৰে৷ আদালতে দুয়ো লম্পটক ৫০ হাজাৰ টকাৰ জৰিমনাসহ যাৱজ্জীৱন সশ্রম কাৰাদণ্ডৰে দণ্ডিত কৰে৷ গোচৰটোত চৰকাৰী পক্ষৰ হৈ যুক্তি দর্শাইছিল অধিবক্তা অমৰজ্যোতি শইকীয়াই ৷