নাহৰকটীয়া আমোলাপত্তিত এদিনীয়া বিহু উৎসৱ উদযাপন
নিয়মীয়া বাৰ্তা: ১৭ এপ্ৰিল: নাহৰকটীয়া আমোলাপট্টিৰ মহিলা-সমিতি, যুৱক সংঘৰ কাৰ্যালয়ৰ বাকৰিত ব’হাগৰ গোহাই বিহুৰ দিনটোত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় এদিনীয়া বিহু উৎসৱ। নাহৰকটীয়া আমোলাপট্টি সন্মিলিত মহিলা সমিতি ও যুৱক সংঘ আৰু নাহৰকটীয়া টাউন ক্লাবৰ উদ্যোগত উদযাপন কৰা এদিনীয়া বিহু উৎসৱত পুৱা গছ ৰোপণেৰে আৰম্ভ হোৱা আমোলাপট্টিৰ বিহু উৎসৱত গছ ৰোপণ কৰে ডিম্বেশ্বৰ শইকীয়াই। ইয়াৰ পিছতেই বিহু উৎসৱৰ পতাকা উত্তোলন কৰে নাহৰকটীয়াৰ শিক্ষাগুৰু পুলিন দিহিঙ্গীয়াই । পুৱা ৮ বজাৰ লগে লগে স্মৃতি তৰ্পন কৰে জেষ্ঠ ব্যক্তি লক্ষী চাৰিঙ্গীয়া ফুকনে । স্মৃতি তৰ্পনৰ পিছতেই পৰিবেশ নিকাকৰণ কাৰ্যসূচীৰ ৰূপায়ন কৰাৰ অন্তত অঞ্চলটোৰ জেষ্ঠ নাগৰিক আৰু ককা-আইতা সকলক সেৱা জনায় জেষ্ঠ জনৰ পৰা আশীৰ্বাদ লয় সকলোৱে। অসম কলেজ শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতি, নাহৰকটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ নৰেন চাংমাইয়ে আমোলাপট্টিত অনুষ্ঠিত এদিনীয়া বিহু উৎসৱৰ মঞ্চ উদ্ধোধন কৰা বিহু উৎসৱত কণ কণ শিশুসকলৰ মাজত অসমীয়াৰ পৰম্পৰাগত কণী যুজ লগতে উঠা-বহা,স্মৃতি জ্ঞান পৰীক্ষা আদি কৰি বিভিন্ন প্ৰকাৰৰ খেল ধেমালিৰ কাৰ্যসূচীৰে বিহু উদযাপন কৰে। দুপৰীয়া জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজ একেলগে বিহুৰ জলপান সমূহীয়া ভাৱে গ্ৰহণ কৰে। আমোলাপট্টিত অনুষ্ঠিত এই বিহু উৎসৱ উপভোগ কৰিবলৈ লোকেলোকাৰণ্য হৈ পৰে মহিলা-সমিতি, যুৱক সংঘৰ কাৰ্যালয়ৰ বাকৰি। আবেলি চিত্ৰাংকন প্ৰতিযোগিতা লগতে সন্ধিয়া স্থানীয় কণ কণ শিশু, ছাত্ৰ-ছাত্ৰী আৰু ইছুক জেষ্ঠ সকলৰ মাজত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আয়োজন কৰে। ব’হাগৰ গোহাই বিহুৰ দিনাখন এইদৰে নাহৰকটীয়াৰ আমোলাপট্টিৰ লগতে অঞ্চলটোৰ সকলো জাতি জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰা এই এদিনীয়া বিহুৰ উৎসৱৰ সামৰণি অনুষ্ঠান হিচাপে নাহৰকটীয়া জুৱলী ক্লাবৰ বিহু হুঁচৰি দলে হুঁচৰি প্ৰদৰ্শন কৰে।