নির্দেশ নমনা মেডিকেলৰ কর্মচাৰীৰ পৰাই চিকিৎসকসহ ৩৩জন সংক্রমিত
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ একাংশ অসচেতন স্বাস্থ্যকম্ৰ ভুল আৰু বেপৰোৱা মনোভাবৰ বাবেই তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ানকভাৱে সংক্রমিত হৈছে ক’ৰোনা ভাইৰাছ৷ কালিৰ দিনটোত একেলগে ২৩জন স্বাস্থ্যকম্ ক’ৰোনাত আক্রান্ত হোৱাৰ পাছত নিশা চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ চিকিৎসক ডাঃ হিম্মৎ সিং ৰাথোড় আৰু এগৰাকী স্বাস্থ্যকমও ক’ভিড পজিটিভ ৰূপে চিনাক্ত হয়৷ ইয়াকে লৈ তেজপুৰত ৩৩জন চিকিৎসক–স্বাস্থ্যক ক’ভিড আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে৷
তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লেবৰেটৰী টেকনিচিয়ান ইক্রামুল হুছেইনে ছোৱাব সংগ্রহ আৰু পৰীক্ষা কৰাৰ পাছত প্রট’কল অনুসৰি সাত দিনৰ কর্তব্যৰ অন্তত নিজৰ ছোৱাব পৰীক্ষা কৰাব লাগে আৰু ফলাফল নোলোৱাপর্যন্ত আছুতীয়াকৈ থাকিব লাগে৷ কিন্তু তাকে নকৰি ইক্রামুলে চিকিৎসালয়খনৰ ব্লাড বেংককে ধৰি বিভিন্ন বিভাগত ঘূৰি ফুৰাৰ লগতে ঢ়েকীয়াজুলিৰ বেলশিৰিৰ বাসগৃহলৈও গৈছিল৷ অকল সেয়াই নহয়, তেওঁ আনকি বিভিন্ন দোকানত সামগ্রী ক্রয় কৰি বহু ব্যক্তিৰ সম্পর্কলৈ আহিছিল৷ ফলত ব্লাড বেংকৰ কর্মচাৰী আৰু চিকিৎসালয়খনৰ দুজন চিকিৎসক আৰু কেইবাজনো লেবৰেটৰী টেকনিচিয়ান, ৱার্ড বয় আদিৰ দেহলৈ ক’ৰোনা ভাইৰাছ সংক্রমণ হয়৷ ইফালে ইক্রামুলৰ পত্নীও ক’ভিড আক্রান্ত৷
তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সৃষ্টি হোৱা এনে এক অবাঞ্ছিত পৰিস্থিতিৰ মাজতে আজি ততাতৈয়াকৈ আহি উপস্থিত হয় ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা৷ মন্ত্রী হাজৰিকাই তেজপুৰ চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ, অধীক্ষক, চিকিৎসক আৰু জিলা উপায়ুক্তকে ধৰি বিভাগীয় বিষয়াবর্গৰ সৈতে পৰিস্থিত পর্যালোচনা কৰাৰ লগতে তৎকালে ল’বলগীয়া ব্যৱস্থা সম্পর্কে নির্দেশ দিয়ে৷ পর্যালোচনাৰ অন্তত মন্ত্রী হাজৰিকাই সাংবাদিকৰ আগত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ শেহতীয়া পৰিস্থিতি সন্দর্ভত উদ্বেগ প্রকাশ কৰে৷ তেওঁ কয় যে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ সকলো চিকিৎসক দুমাহৰ বাবে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় অথবা আন কোনো প্রতিষ্ঠানলৈ যাব নোৱাৰিব৷
কিয়নো এগৰাকী পেথ’লজী বিভাগৰ চিকিৎসক ক’ৰোনাত আক্রান্ত হোৱাৰ পাছত তেজপুৰত দুটাকৈ ব্যক্তিগত পেথ’লজী চেণ্টাৰ আৰু এখন নার্ছিং হোম কনটেইনমেণ্ট জ’ন কৰিবলগীয়া হৈছে৷ অর্থাৎ চিকিৎসকজনে ক’ভিড সম্পক্য় কামত নিয়োজিত থকাৰ পাছতো ব্যক্তিগত নার্ছিং হোম আৰু পৰীক্ষাগাৰলৈ গৈ কাম কৰিছিল৷ একেদৰে সকলো কথা জানি–বুজিও লেবৰেটৰী কর্মচাৰী ইক্রামুল হুছেইনে অধিক লোকলৈ সংক্রমিত কৰে মাৰাত্মক ক’ৰোনা ভাইৰাছ৷ সেই বাবেই ইক্রামুলক তৎকালে বর্খাস্তৰ নির্দেশ দিয়াৰ লগতে আইনগত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও মন্ত্রী পীয়ূষ হাজৰিকাই সাংবাদিকৰ আগত ব্যক্ত কৰে৷
চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ সকলো চিকিৎসক, নার্ছ তথা কর্মচাৰীৰ ছোৱাব পৰীক্ষা কৰাটো বাধ্যতামূলক বুলি কৈ মন্ত্রী হাজৰিকাই লগতে নির্দেশ দিয়ে যে যিসকল কর্মচাৰীয়ে ক’ভিড পৰীক্ষা অথবা চিকিৎসাৰ সৈতে জডিত থাকিব, তেওঁলোকে নিজৰ ছোৱাব পৰীক্ষা কৰাই ফলাফল নিগেটিভ নহাপর্যন্ত নিজৰ ঘৰলৈ যাব নোৱাৰিব আৰু নিজকে আছুতীয়াকৈ ৰাখিব লাগিব৷ আনহাতে, মন্ত্রী হাজৰিকাই তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ উপৰি তেজপুৰ শ’লমৰাস্থিত প্রতিৰক্ষা গৱেষণাগাৰৰ ক’ভিড পৰীক্ষাগাৰ পৰিদর্শন কৰে৷ ইয়াৰ পাছতে তেজপুৰৰ পৰোৱাৰ ক’ভিড চিকিৎসালয় আৰু তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয় পৰিদর্শন কৰি পৰিস্থিতিৰ বুজ লয়৷ মন্ত্রী হাজৰিকাক সংগ দিয়ে তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, বৰছলাৰ বিধায়ক গণেশ লিম্বু, ঢ়েকীয়াজুলিৰ বিধায়ক অশোক সিংহলৰ লগতে শোণিতপুৰৰ উপায়ুক্ত মানৱেন্দ্র প্রতাপ সিঙে৷ উল্লেখ্য যে ইয়াকে লৈ বাতৰি যুগুতোৱাৰ পৰলৈকে জিলাখনত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পালে ৩১৪জনলৈ৷