নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্মীয়মাণ নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদর্শন মন্ত্রী ড০ শর্মাৰ

নির্দিষ্ট সময়ত কাম সম্পূর্ণ কৰিবলৈ নির্দেশ

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ স্বাস্থ্য, শিক্ষা তথা গড়কাপ্ঢানী বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ নির্মাণৰ কামৰ বুজ লয়৷ দেওবাৰে নলবাৰী জিলাৰ ঘগ্রাপাৰৰ সমীপৰ দতৰাত ৰাজেন্দ্র নাথ বুজবৰুৱাৰ জন্ম শতবার্ষিকী, স্মৃতিগ্রন্থ উন্মোচনী সভাত অংশগ্রহণ কৰি সন্ধিয়া উভতি অহাৰ সময়ত ঘগ্রাপাৰ দক্ষিণগাঁৱত প্রস্তাৱিত ১৩০ বিঘা ভূমিত নলবাৰী মেডিকেল কলেজ নির্মাণকার্যৰ পৰিদর্শন কৰে৷ মন্ত্রীগৰাকীয়ে নির্মাণকার্য পৰিদর্শন কৰি মেডিকেল কলেজখনৰ কাম–কাজ নির্দিষ্ট সময়ৰ ভিতৰত সম্পূর্ণ কৰিবলৈ নির্মাণকাৰী সংস্থা তথা গড়কাপ্ঢানী বিভাগৰ (গৃহ) শীর্ষ বিষয়াক নির্দেশ দিয়ে৷ লগতে মন্ত্রীগৰাকীয়ে মেডিকেল কলেজখনৰ নির্মাণত যাতে কোনো অনিয়ম–দুর্নীতি সংঘটিত নহয়, তাকো সতর্ক কৰি দিয়ে৷ আনহাতে মন্ত্রীগৰাকীয়ে গড়কাপ্ঢানী (গৃহ) বিভাগৰ কার্যবাহী অভিযন্তা মহেন্দ্র দাস, সহঃ অভিযন্তা ধ্বজেন নাথ, নির্মাণ প্রবন্ধক ৰাহুল জৈন, নির্মাণ পৰিচালক শুভ্র ৰয়, সহঃ পৰিচালক অৰূপ সাহা ৰয় আৰু ৰাজহুৱা ওজৰ–আপত্তি বিষয়া দিগন্ত গগৈ আদিৰ পৰা নির্মাণৰ অগ্রগতিৰ খতিয়ান লয়৷ ইফালে ৰাজহ বিভাগৰ বিষয়াৰ গাফিলতিৰ বাবে নিদিষ্ট নির্মাণকাৰী সংস্থাই মাটি অধিগ্রহণ কৰিব নোৱৰা বিষয়টো মন্ত্রীগৰাকীক অৱগত কৰে৷ মন্ত্রীগৰাকীয়ে তৎক্ষণাৎ বিভাগীয় বিষয়াক ফোন কৰি ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ উল্লেখ্য যে ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ কাটুৰীয়াৰ পৰা ঘগ্রাপাৰ ৰে’ল ষ্টেচন সংযোগেৰে দামোদৰ ধাম গডকাপ্ঢানী পথটো আহল–বহলকৈ নির্মাণকার্য চলি আছে যদিও ৰাজহ বিভাগৰ বিষয়াৰ গাফিলতিৰ কাৰণে অধিগ্রহণ কৰা মাটি নোপোৱা বাবে পথ উন্নয়ন লেহেম গতিৰে আগবাঢ়িছে৷ আনহাতে চিকিৎসালয়খনৰ অ’ পি ডি (ব্লক) ছয় মহলাৰ আৰু একাডেমী (ব্লক)ৰ নির্মাণ কার্য তীব্র গতিত চলি থকা দেখা গৈছে৷ গৃহ নির্মাণৰ প্রতিমুহূর্ত তদাৰক কৰি থকা গডকাপ্ঢানী (গৃহ) বিভাগৰ কার্যবাহী বিষয়া মহেন্দ্র দাসে চিকিৎসালয়খনৰ নির্মাণকার্য প্রায় ৩৪ শতাংশ হোৱা বুলি জানিবলৈ দিয়ে৷ মন্ত্রীগৰাকীৰ কালি সন্ধিয়া নলবাৰী মেডিকেল কলেজ পৰিদর্শন কৰাৰ সময়ত সংগ দিয়ে অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, বঙাইগাঁওৰ পি ডি বনমালী শর্মা, বিজেপি নেতা ভ্রমৰ মজুমদাৰ, ৰিজু ভট্ট আদিয়ে৷ ড০ শর্মাই কালি আবেলি ৪ বজাত ঘগ্রাপাৰ হাইস্কুল খেলপথাৰত হেলিকপ্ঢাৰৰ পৰা নমাৰ লগে লগে বিজেপিৰ বডিগোগ বনভাগ মণ্ডলৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাৰ নেতৃত্বত আদৰণি জনায় আৰু দতৰাৰ সভালৈ যোৱা ৭ কিলোমিটাৰ পথত সংগ দিয়ে৷

You might also like