নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিষ্পত্তিহীন গোচৰেৰে ভৰি থকা সত্ত্বেও দায়িত্ব দিব নোৱাৰাটো দুর্ভাগ্য

২২১ বিদেশী ন্যায়াধিকৰণৰ সদস্য প্রসংগত হাইক’ট

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) পৰা বাদ পৰা লোকসকলৰ গোচৰ নিষ্পত্তিৰ বাবে নতুনকৈ স্থাপন কৰা দুই শতাধিক বিদেশী ন্যায়াধিকৰণ কার্যক্ষম কৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে গ্রহণ কৰা নৰম স্থিতি পুনৰ এবাৰ উন্মোচিত হৈছে উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ যোৱা ছেপ্টেম্বৰত নিযুক্তি দিয়াৰ পাছতো ২২১গৰাকী বিদেশী ন্যায়াধিকৰণৰ সদস্যক দায়িত্ব অর্পণ কৰিব নোৱাৰাটো দুর্ভাগ্যজনক আখ্যা দিছে উচ্চ ন্যায়ালয়ে৷ এই সন্দর্ভত নিজাববীয়াকৈ ৰুজু কৰা ১৭৫৪/২০১৫ নম্বৰৰ লেখ আবেদনৰ গোচৰটোৰ শেহতীয়া শুনানিত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামৰ আদালতে কয় যে অসমৰ বিভিন্ন বিদেশী ন্যায়াধিকৰণত লাখতকৈও অধিক গোচৰ নিষ্পত্তিবিহীনভাৱে ৰুজু হৈ থকাৰ সময়ত এই বিদেশী ন্যায়াধিকৰণৰ সদস্যসকলক দায়িত্ব অর্পণ কৰিব নোৱাৰাটো দুর্ভাগ্যজনক৷ উল্লেখ্য যে এন আৰ চিৰ পৰা প্রায় ১৯ লাখ লোকৰ নাম বাদ পৰাৰ পাছতে ৰাজ্যত ২০০খন অতিৰিক্ত বিদেশী ন্যায়াধিকৰণ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছিল কেন্দ্রীয় চৰকাৰে৷ সেই অনুসৰি পূর্বৰে পৰা খালী হৈ থকা ২১খন বিদেশী ন্যায়াধিকৰণৰ সদস্যকে ধৰি মুঠ ২২১জন সদস্যক নিযুক্তি দিছিল চৰকাৰে৷ ইতিমধ্যে এই বিদেশী ন্যায়াধিকৰণসমূহৰ্ বাবে যাৱতীয় আন্তঃগাঁথনিকে ধৰি আন আন কাম–কাজো আৰম্ভ কৰা হৈছে৷ কিন্তু এন আৰ চি কর্তৃপক্ষই বর্তমানলৈ ৰিজেকচন শ্লিপ প্রদান নকৰাৰ বাবে বাদ পৰা লোকসকলৰ গোচৰ বিদেশী ন্যায়াধিকৰণত বিচাৰ কৰিব পৰা হোৱা নাই৷ এই প্রসংগ এন আৰ চি কর্তৃপক্ষৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ৰ মজিয়াত উত্থাপন কৰা হৈছে৷ লগতে সংশ্লিষ্ট অধিবক্তাই উচ্চ ন্যায়ালয়ত এইবুলিও অৱগত কৰিছে যে বর্তমান ৰুজু হৈ থকা বিদেশী ন্যায়াধিকৰণৰ গোচৰসমূহ নিষ্পত্তিৰ বাবে নতুনকৈ নিযুক্তি দিয়া সদস্যসকলক দায়িত্ব অর্পণৰ বাবে অনুমতি বিচাৰি ইতিমধ্যে কেন্দ্রীয় চৰকাৰলৈ পত্র প্রেৰণ কৰা হৈছে৷ অৱশ্যে কেন্দ্রীয় চৰকাৰৰ অধিবক্তাই ন্যায়ালয়ৰ মজিয়াত স্পষ্ট কৰি দিছে যে বিদেশী ন্যায়াধিকৰণসমূহ গঠন আৰু কার্যক্ষম কৰাৰ ক্ষেত্রত সকলো ক্ষমতা কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰৰ ওপৰত ন্যস্ত কৰিছে৷ সেয়েহে নতুনকৈ স্থাপন কৰা বিদেশী ন্যায়াধিকৰণসমূহক্ যিকোনো ধৰণৰ দায়িত্ব দিয়াৰ বাবে কেন্দ্রীয় চৰকাৰৰ পৰা কোনোধৰণৰ অনুমতিৰ প্রয়োজন নাই৷ কিন্তু ৰাজ্য চৰকাৰে লোৱা স্থিতিৰ বাবে কেন্দ্রীয় চৰকাৰৰ অধিবক্তাগৰাকীয়ে পৰৱর্তী শুনানিত এই সন্দর্ভত অধিক স্পষ্ট তথ্য প্রদান কৰিব বুলি অৱগত কৰে৷ অহা ২৫ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পৰৱর্তী শুনানিত কেন্দ্রীয় চৰকাৰৰ অধিবক্তাই যাৱতীয় নীতি–নির্দেশনা ন্যায়ালয়ৰ মজিয়াত দাখিল কৰিব৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বিদেশী ন্যায়াধিকৰণসমূহৰ্ আন্তঃগাঁথনি আৰু কাম–কাজ নিয়মীয়াভাৱে নিৰীক্ষণ কৰি আহিছে উচ্চ ন্যায়ালয়ে৷

You might also like