নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বার্তাৰ চীফ ৰিপ’টাৰ হেমন্ত মজুমদাৰ–ৰিপ’টাৰ খনিন ডেকালৈ সন্মান

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ আজান ফকীৰ (পীৰ) প্রকল্প ন্যাসৰ উদ্যোগত তথা সদৌ অসম গৰিয়া–মৰিয়া যুৱ–ছাত্র পৰিষদ আৰু দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ সহযোগত ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট সাংবাদিক আৰু লোকশিল্পীক ৫ ফেব্রুৱাৰীত দিনৰ ১ বজাত গুৱাহাটী প্রেছ ক্লাবত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত এক সম্বর্ধনা জনোৱা হ’ব৷ এক বিবৃতিযোগে আজান ফকীৰ (পীৰ) প্রকল্প ন্যাসৰ ফালৰ পৰা এই কথা সদৰী কৰা হৈছে৷ বিবৃতিটোত ন্যাসৰ অধ্যক্ষ ৰফিউল হুছেইন বৰুৱা আৰু সচিব ড০ পইনুৰুদ্দিন আহমেদে কয় যে সমাজত বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত সুদীর্ঘ দিন ধৰি নির্ভীক আৰু নিৰপেক্ষভাৱে সেৱা আগবঢ়াই অসমৰ সংবাদ ক্ষেত্রখনক চহকী কৰাৰ লগতে মিলা–প্রীতি আৰু ভাতৃত্ববোধ প্রতিষ্ঠা কৰাৰ ক্ষেত্রত সাংবাদিকসকলে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷ সমাজ জীৱনৰ প্রতি আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে জ্যেষ্ঠ সাংবাদিক ক্রমে খগেন কলিতা, দেৱজিত ভূঞা, উৎপল কুমাৰ দাস, হেমন্ত শর্মা, চাহাবুদ্দিন আহমেদ, আলিয়াছ আহমেদ, আজিজুৰ ৰহমান শইকীয়া, হেমন্ত কুমাৰ মজুমদাৰ আৰু সাংবাদিক ফাইজুৰ ৰহমান আৰু খনিন ডেকাক সম্বর্ধনা জনোৱা হ’ব৷ আনহাতে লোকসংগীতৰ ক্ষেত্রখন চহকী কৰাৰ বাবে অহৰহ কাম কৰি থকা দহগৰাকী শিল্পীকো একেখন মঞ্চতে সম্বর্ধনা জনাব৷ টোকাৰী গীতৰ শিল্পী উমাকান্ত বৈৰাগী, কামৰূপীয়া লোকগীতৰ শিল্পী প্রণিতা বৈশ্য মেধি, ঝর্ণা চক্রৱর্তী, জিকিৰ–জাৰী শিল্পী প্রদীপ শর্মা, আব্দুল ৰহিম, নুৰুল হক, আজিমুদ্দিন আহমেদ, গোৱালপৰীয়া লোকগীত–দেশী গীতৰ শিল্পী আব্দুল জব্বাৰ, হামিদ সৰকাৰক সম্বর্ধনা জনোৱাৰ লগতে শিল্পী স্বর্গীয় মাণিক আলীক মৰণোত্তৰভাৱে সন্মান যচা হ’ব

You might also like